Breaking News

নিজ ভতিজাকক হত্যা কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত গোলাঘাট ৰঙাজানৰ অজিত ৰবিদাস



নিজ ভতিজাক হত্যা কৰি পুলৰ তলত লুকুৱাই ৰখা ঘাটক অজিত ৰবিদাসৰ যাৱজ্জীৱন কাৰাদণ্ড। আজি গোলাঘাট জিলা সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চান্দক আদালতে চেচন কেচ নং ১৫/২০২০ গোচৰত বিচাৰৰ অন্তত অভিযোগটো প্ৰমাণ হোৱাত আচামী অজিত ৰবিদাসক দোষী সাব্যস্ত কৰি ভাৰতীয় দণ্ড বিধি আইন ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আৰু জৰিমনা অনাদায় অতিৰিক্ত ৩ মাহৰ কাৰাদণ্ড বিহে। ইয়াৰ উপৰিও ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৫, ২০১ ধাৰাত ক্ৰমে ৫ বছৰকৈ কাৰাদণ্ড বিহে আৰু ৫ হাজাৰ টকাকৈ জৰিমনা বিহে। ৫ হাজাৰ টকা অনাদায় অতিৰিক্ত এমাহকৈ জৰিমনা বিহে। 

গোচৰটোৰ অভিযোগ অনুসৰি  ২০২০ বৰ্ষৰ ১২ মাৰ্চত গোচৰীয়া নৰেন ৰবিদাসৰ ১৩ বছৰীয়া পুত্ৰ দীপক ৰবিদাস তেওঁৰ স্কুল ছুটী হোৱাৰ পিছত আবেলি ঘৰলৈ ঘূৰি নহাত পৰিলায়লৰ লোকে ক’তো বিচাৰ নাপাই গোলাঘাটৰ আৰক্ষীক বিষয়টো অৱগত কৰে। দীপক নিখোজ হোৱা খবৰ বিয়পি পৰাত দুদিনৰ পিছত একে গাঁৱৰে প্ৰমিলা ইন্দুৱাৰ নামৰ মহিলা গৰাকীয়ে গম পাই। তেতিয়া তেওঁ ল’ৰাটোৰ পৰিয়ালৰ লোকক জনাই যে ঘটনাৰ দিনা আবেলি থুৰামুখ বাগানত কাম কৰি থকা অৱস্থাত আচামী অজিত ৰবিদাসে ভতিজাক দীপক ৰবিদাসক এখন চাইকেলত উঠাই থুৰামুখ বাগানৰ ফালে লৈ গৈ আছিল।  তেতিয়া এই কথা গম পাই দীপক ৰবিদাসৰ পিতৃয়ে গোলাঘাট আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আচামী অজিত ৰবিদাসক আটক কৰি সোধপোচ কৰাত ঘটনাটো পোহৰলৈ আহে। আচামী অজিত ৰবিদাসে  আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে তেওঁ ভতিজাক দীপক ৰবিদাসৰ স্কুল ছুটী হোৱাৰ পাছত ৰাস্তাৰ পৰা চাইকেলত উঠাই লৈ গৈ হত্যা কৰি জুৰিয়া দলঙৰ মধুবন গাঁৱৰ এটা পুলৰ তলত সুমুৱাই থৈ আহে। পাছত তেওঁ দেখুৱাই দিয়া মতে পুলিচ আৰু পৰিয়ালৰ লোকে সেই পুলটোৰ পৰা দিপক ৰবিদাসৰ মৃতদেহটো উদ্ধাৰ কৰে। মৃত দীপক ৰবিদাসে ৰঙাজানৰ ডন বস্ক’ স্কুলত সপ্তম শ্ৰেণীত অধ্যয়ন কৰি আছিল। 


No comments