Breaking News

মাজ আকাশত দিল্লী অভিমুখী বিমানত জুই!



দেওবাৰে বিয়লি দিল্লী অভিমুখী স্পাইচজেটৰ এখন বিমানত জুই লাগে। জানিব পৰা মতে, পাটনাৰ পৰা দিল্লী অভিমুখে স্পাইচজেটৰ এখন বিমান উৰা মৰাৰ পাছতে আকাশৰ মাজত অগ্নিকাণ্ড সংঘটিত হয়। বিমানখনত মুঠ ১৭৫ জন যাত্ৰী আছিল। কিন্তু পাইলটৰ কাৰ্যদক্ষতাৰ বাবে এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে বিমানখন। পাছত পাটনা বিমান বন্দৰত নিৰাপদে বিমানখন অৱতৰণ কৰা হয়। বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। জানিব পৰা মতে ইঞ্জিনৰ যান্ত্ৰিক বিজুতিৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছিল।

স্পাইচজেট এছ জি ৭২৩ বিমানখনে আজি দিনৰ ১২:০৪ বজাত উৰা মাৰিছিল।

No comments