Breaking News

পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত বৃক্ষৰোপণ কাৰ্যসূচী আৰু সজাগতা অভিযান।

 


পঙ্কজ নাথ,কামৰূপঃপূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত বৃক্ষৰোপণ কাৰ্যসূচী আৰু সজাগতা অভিযান। মূখ্যমন্ত্ৰীৰ এক নিৰ্দেশনা অনুসৰি পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ে বৃক্ষৰোপণ ৰোপণ অভিযান প্ৰায় অব্যাহত ৰাখিছে । তাৰেই পৰিপ্ৰেক্ষিতত আজি পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত নাৰেংগী খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত কেন্দুগুৰি চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ৫০ জোপা স্থানীয় প্ৰজাতিৰ উদ্ভিদৰ বৃক্ষৰোপণ আৰু সজাগতা অভিযান চলোৱা হৈছে। নাৰেংগী খণ্ড বন কাৰ্যালয়ৰ কৰ্মচাৰী আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ উপস্থিতিত বিদ্যালয় খনৰ প্ৰধান শিক্ষকে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জানিব পৰা মতে এতিয়ালৈকে গুৱাহাটী বনাঞ্চলিক কাৰ্য্যালয়ৰ সৌজন্যত চহৰখনৰ সেউজ আৱৰণ (বনৰ বাহিৰৰ গছ) বৃদ্ধি কৰাৰ বাবে ৰোপণ আৰু নিয়মীয়া তত্বাৱধান প্ৰদান কৰি শিক্ষানুষ্ঠান, পথ, চৰকাৰী কাৰ্যালয় চৌহদ, মন্দিৰ, বেচৰকাৰী সংগঠন, খেলপথাৰ আদিকে ধৰি গুৱাহাটী মহানগৰৰ মুকলি ঠাইত ১৭০০ ৰো অধিক গছপুলি ৰোপণ কৰিছে। 

  

No comments