Breaking News

‘ৰাষ্ট্রপতি নহয় ৰাষ্ট্রপত্নী’! কংগ্ৰেছী সাংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ অশোভনীয় মন্তব্যত এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া...



‘ৰাষ্ট্রপতি নহয় ৰাষ্ট্রপত্নী’! কংগ্ৰেছী সাংসদ অধীৰ ৰঞ্জন চৌধুৰীৰ অশোভনীয় মন্তব্যৰ পিছতেই এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।  নেতা গৰাকীৰ এই মন্তব্যৰ পাছতেই ক্ষমা খোজাৰ দাবী তুলিছে বিজেপিয়ে।

 কিন্তু কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে মন্তব্য কৰিছে যে,

ক্ষমা বিচাৰিবলৈ কোনো প্ৰশ্নই নাই। মই ভুলবশতঃ 'ৰাষ্ট্ৰৰ পত্নী' বুলি মাতিছিলো, এতিয়া যদি আপুনি মোক ইয়াৰ বাবে ফাঁচী দিব বিচাৰে, আপুনি এইটো কৰিব পাৰে। শাসকীয় দলে ইচ্ছাকৃতভাৱে তিলক পাহাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে"

উল্লেখ্য যে, বুধবাৰে সংবাদ মাধ্যমৰ সৈতে কথা বতৰা পতাত সাংসদ গৰাকীয়ে ৰাষ্ট্ৰপতিৰ সলনি ‘ৰাষ্ট্ৰপত্নী’ শব্দ ব্যৱহাৰ কৰি মন্তব্য কৰে। এই সন্দৰ্ভত স্পষ্টীকৰণ দি বৃহস্পতিবাৰে সাংসদ গৰাকীয়ে কয় যে ”মোৰ মুখৰ পৰা ভুলবশত শব্দটো ওলাইছিল। কিন্তু বিজেপিৰ হাতত বিবাদ কৰিবলৈ কোনো কথা নাই বাবে এই কথাটোত বিতৰ্ক কৰিছে”।

No comments