Breaking News

বজৰংগী ভাইজান ছবিৰ দৰেই ঘটনা



বজৰংগী ভাইজান ছবিৰ দৰেই ঘটনা।ৰিল নহয় ৰিয়েল লাইফত সংঘটিত হৈছে বজৰংগী ভাইজান ছবিৰ দৰে ঘটনা। অজানিতে এটি পাকিস্তানী তিনিবছৰীয়া শিশু প্ৰৱেশ কৰিছিল ভাৰতৰ ভূ-খণ্ডত। ইয়াৰ পিছতেই পাক ৰেঞ্জাৰৰ হাতত ভাৰতীয় সৈন্যই গটাই দিলে পাকিস্তানী শিশুটিক। যেন বজৰংগী ভাইজানৰ  পুনৰাবৃত্তি ঘটিল ৰিয়েল লাইফত।পাঞ্জাৱৰ ফিৰোজপুৰ সীমান্তত দেখা গ'ল এনে এক ঘটনা।কাটাতাঁৰ অতিক্ৰম কৰি ভুলবশতঃ ভাৰতীয় সীমাত প্ৰৱেশ কৰিলে এটা তিনি বছৰীয়া পাকিস্তানী শিশুৱে।শণিবাৰে সন্ধিয়াৰ ভাগত দুৰ্ঘটনাক্ৰমে পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত (আইবি) অতিক্ৰম কৰা শিশুটোক প্ৰত্যক্ষ কৰে ভাৰতীয় সেনাই।ভাৰতীয় জোৱানসকলে শুক্ৰবাৰে সীমান্তত তীক্ষ্ণ নজৰ দি থকা অৱস্থাতে নিশা প্ৰায় 7 বজাত, ৰাজ্যখনৰ ফিৰোজপুৰ অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীৰ সৈন্যসকলে কান্দি থকা অৱস্থাত উদ্ধাৰ কৰে এটি পাকিস্তানী শিশুক।কাঁইটীয়া তাঁৰৰ বেৰৰ ওচৰত থিয় হৈ হুকহুকাই কান্দি আছিল শিশুটিয়ে।উপায়ন্তৰ হৈ বিষয়টো পাক ৰেঞ্জাৰক অৱগত কৰিলে ভাৰতীয় সেনাই।তাৰ পিছতেই দুয়োপক্ষৰ মাজত আৰম্ভ হ'ল বৈঠক। চলোৱা হ'ল অভিযান।অৱশেষত পাক ৰেঞ্জাৰে পৰিচয় ওলিয়ালে শিশুটিৰ।যোগাযোগ কৰা হ'ল শিশুটিৰ অভিভাৱকক।পাছত শিশুটোক গতাই দিয়া হ'ল দেউতাকৰ হাতত।যেন বজৰংগী ভাইজানৰ ৰূপত আৱিৰ্ভাৱ হ'ল ভাৰতীয় সেনাৰ।শিশুটিক ঘুৰাই পাই পাকিস্তানী অভিভাৱকেও হিয়া উজাৰি দিলে ধন্যবাদ।

No comments