Breaking News

বাৰ্মিংহামত জিলিকিছে ধনশিৰিপৰীয়া নয়নমণি শইকীয়া



কমনৱেল্‌থ গেম্‌ছৰ ইতিহাসত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হ’ল অসমকন্যা নয়নমণি শইকীয়া ৷ আজি লনবলৰ দলীয় শাখাত দেশক প্ৰতিনিধিত্ব কৰি বাৰ্মিংহামত জিলিকি উঠিছে ধনশিৰিপৰীয়া নয়নমণি ৷

ইতিমধ্যে কমনৱেলথ গেমছত অসমৰ পৰা এটা পদক নিশ্চিত কৰে নয়নমণিয়ে।  সোমবাৰে অনুষ্ঠিত লন বলৰ  চেমি ফাইনেলত ভাৰতীয় মহিলা জাতীয় দলে নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত উপনীত হয়। ইয়াৰ লগে লগে এটা পদক নিশ্চিত হয় ভাৰতীয় লন বলৰ  দলটো। 

চেমি ফাইনেলত ১৬-১৩ ব্যৱধানত নিউজিলেণ্ডক পৰাস্ত কৰে ভাৰতীয় দলে।  মঙলবাৰে অৰ্থাৎ কাইলৈ ভাৰতে লন বলৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় লন বলৰ  মহিলা জাতীয় দলৰ হৈ কমনৱেলথ গেমছত প্ৰতিনিধিত্ব কৰিছে অসমৰ সৰুপথাৰৰ নয়নমণি শইকীয়াই।

উল্লেখ্য যে নয়নমণি শইকীয়া নগাঁও চিকনিস্থিত অসম দ্বিতীয় বন সুৰক্ষা বাহিনীত কৰ্মৰত। নয়নমণিৰ এই সাফল্যত বন সুৰক্ষা বাহিনীক গৌৰৱান্বিত কৰাৰ লগতে সোণৰ পদক লাভ কৰিব বুলি আশাবাদী অসম দ্বিতীয় বন সুৰক্ষা বাহিনীৰ অধিনায়ক মুকুল শইকীয়াই। লগতে নয়নমণিক বিশেষভাৱে সুৰক্ষা বাহিনীৰ হৈ অভিনন্দন জ্ঞাপন কৰিছে অধিনায়ক শইকীয়ায়।  

No comments