Breaking News

পেঙেৰীত প্ৰাক্তন আছু নেতাসহ তিনি শতাধিকৰ বি জে পিত যোগদান


 

ৰবীন মৰাণ, পেঙেৰীঃ 'কা আন্দোলন আছিল ভ্ৰম, মিথ্যাচাৰ আৰু নেতা হোৱাৰ স্বপ্ন। ১ কোটি ৯০ লাখ বাংলাদেশীৰ অৱস্থিতিৰ কথা কৈ টুপি পিন্ধাইছিল অসমৰ ৰাইজক।' - কালি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি এই মন্তব্য আগবঢ়ায় প্ৰাক্তন আছু নেতা বিপ্লৱ নেওগে। কালি পেঙেৰীৰ চুকাফা ভৱনত  মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ বুঢ়ীদিহিং মণ্ডল সমিতিৰ উদ্যোগত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। মণ্ডল সভাপতি ভাদেশ্বৰ মৰাণৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বিজেপিৰ যোগদান কাৰ্যসূচীত উদ্দেশ্য ব্যাখ্যা আৰু যোগদান কাৰ্যসূচীৰ আঁ‌ত ধৰে  বিজেপিৰ বুঢ়ীদিহিং মণ্ডলৰ সাধাৰণ সম্পাদক বিচিত্ৰ কোঁ‌ৱৰে। যোগদান কাৰ্যসূচীত উপস্থিত থাকে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি কুশকান্ত বৰা, এছ টি মৰ্চাৰ সাধাৰণ সম্পাদক দিগন্ত পাদুন, ৰাজ্যিক সদস্য তথা অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ, বিজেপিৰ জিলা সাধাৰণ সম্পাদক 

পুলক চেতিয়াৰ লগতে অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত তিনি শতাধিক লোকে বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি আনুষ্ঠানিক ভাৱে যোগদান কৰে। যোগদান কাৰ্যসূচীত বিধায়ক শৰ্মাই কয় যে বুঢ়ীদিহিং মৌজাৰ উন্নয়ন প্ৰত্যক্ষ কৰি মৌজাটোৰ বিভিন্ন ক্ষেত্ৰৰ, বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰি বিধায়ক হিচাপে মোৰ হাত দুখন মজবুত কৰিলে। উল্লেখ্য যে আজিৰ যোগদান কাৰ্যসূচীত সদৌ  তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি বিপ্লৱ নেওগ, সোণোৱাল  কছাৰী স্বায়ত্ব পৰিষদৰ ৫ নং বৰহোলোং সমষ্টিৰ সদস্য তথা তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীৱন সোনোৱাল, মটক সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি কিৰণ দুৱৰা, মৰাণ স্বায়ত্ত পৰিষদৰ সদস্য ক্ৰমে উজ্জ্বলতা মৰাণ আৰু ভৱেন মহন্ত, প্ৰাক্তন ছাত্ৰ নেতা বকুল চেতিয়া, বিনন্দ সোণোৱাল, অনুপম গগৈকে প্ৰমুখ্য কৰি বিভিন্ন ছাত্ৰ সংগঠন, জাতীয় সংগঠন আৰু ৰাজনৈতিক দলৰ প্ৰাক্তন আৰু সক্ৰিয় নেতৃত্বই আজিৰ কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। ভাষণ প্ৰসঙ্গত প্ৰাক্তন আছু নেতা বিপ্লৱ নেওগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভঙ্গী আৰু কামকাজত সন্তুষ্টি প্ৰকাশ কৰি তেওঁ বিজেপিত যোগদান কৰিছে। তেওঁৰ মতে কংগ্ৰেছৰ অপশাসন আৰু নিষ্পেষণৰ পাছত বিজেপি দলৰ ড্ৰাগছ মুক্ত সমাজ গঠন, বেদখল মুক্ত কৰণৰ অভিযান, নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখা, মৌলবাদী মুছলমানৰ আগ্ৰাসন কিম্বা জেহাদীসকলক পুলিয়ে-পুখাই উচ্ছেদৰ পদক্ষেপৰ প্ৰতি আকৃষ্ট হৈয়েই তেওঁ বিজেপিত যোগ দিছে। এসময়ত কা আন্দোলনত জপিয়াই পৰা ছাত্ৰ নেতাজনে 'কা' আন্দোলনক ভ্ৰম, মিথ্যাচাৰ আৰু নেতা হোৱাৰ বাসনা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

No comments