Breaking News

জম্মু–কাশ্মীৰত পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা



জম্মু–কাশ্মীৰৰ শ্বপিয়ানত পুনৰ কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে  এজন কাশ্মীৰী পণ্ডিতক।  শ্বপিয়ানৰ আপেল বাগিছা এখনত সন্ত্ৰাসবাদীয়েৰা চলোৱা গুলীচালনাত এজন নাগৰিকৰ মৃত্যু হয় আৰু লগতে তেওঁৰ ভাতৃ আঘাত প্ৰাপ্ত হয়। আৰক্ষীয়ে জনোৱা মতে, যি দুগৰাকী ব্যক্তিৰ ওপৰত আক্ৰমণ হৈছে তেওঁলোক দুয়ো হিন্দু ধৰ্মৰ। সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা ব্যক্তি দুয়োজনৰ এজন সুনীল কুমাৰ আৰু আনজনক পিন্টু বুলি চিহ্নিত কৰা হৈছে।"

উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত পাঁচ দিনত সাতজন নাগৰিকৰ হত্যা হৈছিল। ইয়াৰ ভিতৰত এজন কাশ্মীৰী পণ্ডিত, এজন শিখ আৰু দুজন প্ৰৱাসী হিন্দু আছিল। মে’ মাহত সন্ত্ৰাসবাদীয়ে বডগামত তহচিলদাৰৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল আৰু ৩৬ বছৰীয়া পণ্ডিত ৰাহুল ভাটক গুলীয়াই হত্যা কৰিছিল।


ইতিমধ্যে, কাশ্মীৰত এই হত্যাকাণ্ডৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত কাশ্মীৰী হিন্দুসকলে সুৰক্ষাৰ বাবে চৰকাৰক আবেদন জনাইছে।

No comments