Breaking News

তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত জিলা উপায়ুক্তৰ বিশেষ বৈঠক

 


কামৰূপ, মান্দাকাটা, ২৫ গআষ্টঃ তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত  জিলা উপায়ুক্তৰ বিশেষ বৈঠক। নিৰ্মীয়মান ১২০খন বিছনা যুক্ত ভৱনৰ কাম ক্ষীপ্ৰতৰ কৰাৰ নিৰ্দেশ। কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীৰ অধ্যক্ষতাত যোৱা ২৩ আগষ্টত তোলাৰাম বাফনা অসামৰিক চিকিৎসালয় পৰিচালনা সমিতি আৰু  চিকিৎসালয়খনৰ চিকিৎসক সকলৰ  এখন গুৰুত্বপূৰ্ণ  বৈঠক অনুষ্ঠিত হয়।উক্ত বৈঠকত উপায়ুক্ত গৰাকীয়ে চিকিৎসক সকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে চিকিৎসালয়খনৰ সেৱাৰ মান বৃদ্ধি কৰাৰ উপৰি চিকিৎসালয়খনত ২৪ ঘন্টাই উন্নত স্বাস্থ্য সেৱা আৰু প্ৰসৱৰ সু-ব্যৱস্থা  উপলব্ধ কৰিবলৈ  চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এই প্ৰসংগত উপায়ুক্ত গৰাকীয়ে কয় যে কামৰূপ জিলাৰ লগতে আন আন জিলাৰো ৰোগীয়ে চিকিৎসা লাভৰ বাবে তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়লৈ আহে।  সেয়েহে  চিকিৎসালয়খনৰ সকলো কৰ্মচাৰী তথা চিকিৎসালয় পৰিচালনা সমিতিয়ে উন্ননতমানৰ চিকিৎসা প্ৰদানৰ দিশত দায়বদ্ধতাৰে কাম কৰিব লাগিব।  

উক্ত বৈঠকতে উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়খনৰ নিৰ্মীয়মান ১২০ খন  বিছনাযুক্ত নতুন ভৱনৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতৰ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ লগতে চিকিৎসালয়খনত  উপলব্ধ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱাৰ অধীনত লেবৰেটৰী সেৱাৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে  হাস্পতাল কৰ্তৃপক্ষৰ শলাগ লয়।

বৈঠকত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, যুটীয়া স্বাস্থ্য সঞ্চালক গুণিন্দ্ৰ নাথ দেৱশৰ্মা, চিকিৎসালয়খনৰ অধীক্ষকৰ উপৰি চিকিৎসালয়খনৰ চিকিৎসক সকল উপস্থিত থাকে।

No comments