Breaking News

১৫ আগষ্টলৈকে সকলো স্মাৰক, সংগ্ৰহালয়ত বিনামূলীয়া প্ৰৱেশ, টিকট ল'ব নালাগে ...



ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন কৰা হৈছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ক্ৰমে সমগ্ৰ দেশতে 'হৰ ঘৰ ত্ৰিৰঙ্গা' উৎসৱ আৰম্ভ কৰা হৈছে।

এই দিৱসটিৰ এইবাৰ উৎসৱৰূপে পালন কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।  এই উৎসৱৰ লগত জনসাধাৰণক সংযোগ কৰিবলৈ আন এটা সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে ১৫ আগষ্টৰ ভিতৰত সকলো স্মাৰক, পুৰাতাত্ত্বিক স্থান আৰু সংগ্ৰহালয় দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছে।



নিৰ্দেশনা অনুসৰি ৫ আগষ্টৰ পৰা সকলো স্মাৰক, পুৰাতাত্ত্বিক স্থান আৰু সংগ্ৰহালয় দৰ্শকৰ পৰ্যবেক্ষণৰ বাবে সম্পূৰ্ণ বিনামূলীয়া কৰি তোলা হৈছে। ঠাইসমূহ স্থানত কোনো ধৰণৰ মাচুল লোৱা নহ'ব। এই সন্দৰ্ভত ইতিমধ্যে সকলো আঞ্চলিক পৰিচালক আৰু সংশ্লিষ্টলৈ আদেশ প্ৰেৰণ কৰিছে।

No comments