Breaking News

জননী লাইভৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে মনোজ্ঞ অনুষ্ঠানঃ তিনি প্ৰবীণ সাংবাদিকক বিপুল সম্বৰ্ধনা

 


অসমৰ অন্যতম জনপ্ৰিয় তথা সত্যনিষ্ঠ ৱেব প’ৰ্টেল জননী লাইভে দুবছৰীয়া বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰিলে৷ ৱেব প’ৰ্টেলটোৰ এনে শুভ ক্ষণত জননী লাইভে আজি দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে নামবৰ অতিথিশালাত আয়োজন কৰে এক মনোজ্ঞ অনুষ্ঠান৷ অসমৰ লগতে সম্প্ৰতি দেশে-বিদেশে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা জননী লাইভৰ এই সোণসেৰীয়া যাত্ৰাৰ দুবছৰ পাৰ হোৱাৰ শুভ ক্ষণত আয়োজিত অনুষ্ঠানত গোলাঘাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে৷ 

এই উপলক্ষে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি বিকাশ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে জননী লাইভ পৰিয়ালৰ নৱতম সংযোজন ‘জননী’ ই-সংবাদপত্ৰৰ সম্পাদক কৌস্তুভমণি হাজৰিকাই৷ ইয়াৰ পিছতে আদৰণি ভাষণ আগবঢ়ায় জননী লাইভৰ মুখ্য সম্পাদক অপূৰ্ব বল্লভ গোস্বামীয়ে৷ তেওঁ বক্তব্য প্ৰসংগত জননী লাইভৰ আৰম্ভণিৰ কঠিন সময়ছোৱাৰ পৰা বৰ্তমানৰ সোণালী সময়লৈকে ইতিহাস সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে৷ 

সভাত অসৱৰপ্ৰাপ্ত অধ্যাপত ড॰ নৃপেন বৰুৱা, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড॰ লুকুমণি গোস্বামী, লেখক পৰাগ পৱন শৰ্মা বড়া, অৰ্ণৱ শইকীয়া, অভিযন্তা প্ৰাঞ্জল শৰ্মা তামুলী আদিয়ে সংবাদ মাধ্যমৰ সমাজ জীৱনৰ প্ৰতি দায়িত্ব সন্দৰ্ভত মতামত আগবঢ়াই একাংশ সংবাদ মাধ্যমৰ পক্ষপাতদুষ্ট কাৰ্যকলাপক গৰিহণা দিয়ে৷ তেওঁলোকে জননী লাইভ আৰু ই-সংবাদপত্ৰ জননীৰ প্ৰতি শুভেচ্চা আগবঢ়াই সত্যনিষ্ঠভাৱে সংবাদ পৰিৱেশন কৰিবলৈ আহ্বান জনায়৷ 

অন্যতম জনপ্ৰিয় ঘোষিকা প্ৰেৰণা বৰদলৈয়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰবীণ সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱা, দ্বীপেন দত্ত আৰু মাখনলাল বাঢ়ৈক জননী লাইভৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা আগবঢ়োৱা হয়৷ একোখনকৈ সম্বৰ্ধনা পত্ৰ, গামোচা, চেলেং, সঁফুৰাৰে সম্বৰ্ধনা প্ৰদান কৰি জননী লাইভে উল্লিখিত ব্যক্তি কেউগৰাকীৰ অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে৷ তেওঁলোকে বক্তব্য প্ৰসংগত সাংবাদিক জীৱনৰ অভিজ্ঞতা আৰু প্ৰকৃত সাংবাদিক এজনৰ কৰ্তব্য সম্পৰ্কত সাৱলীলভাৱে ভাষণ প্ৰদান কৰে৷ সভাত সাংবাদিক কৌস্তুভমণি হাজৰিকাই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অনুষ্ঠানৰ সামৰণি পৰে৷ 

আজিৰ অনুষ্ঠানত নামবৰ প্ৰকাশনৰ স্বত্ত্বাধিকাৰী মমী গোস্বামী, গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত ভূঞা, সাংবাদিক তথা প্ৰচাৰ ভাৰতীৰ প্ৰাঞ্জল প্ৰতীম বৰা, গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী সীমা নাথ আদিৰ লগতে সংবাদগোষ্ঠীটোৰ কেইবাগৰাকী সাংবাদিক আৰু স্থানীয় সংবাদিক, বহুসংখ্যক শুভাকাংখী ৰাইজ উপস্থিত থাকে।

No comments