Breaking News

মুম্বাইৰ সমুদ্ৰ উপকূলত মাৰণাস্ত্ৰ ভৰ্তি সন্দেহজনক নাও উদ্ধাৰঃ হাই এলাৰ্ট জাৰী



মুম্বাইৰ চুবুৰীয়া ৰাইগড় জিলাৰ সাগৰৰ পাৰত দুখন সন্দেহজনক নাও উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। উদ্ধাৰ হোৱা  নাওখনৰ পৰা একে-৪৭ ৰাইফল আৰু অন্যান্য অস্ত্ৰ আৰু কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হৈছে। গৰাকীবিহীন  মাছ ধৰা নাওখন  বহুদিন ধৰি সাগৰৰ পাৰত গোপনে ৰখা হৈছিল বুলি সন্দেহ কৰা হৈছে।  মাছমৰীয়াসকলে নাওখনক লৈ সন্দেহ হয় আৰু  আৰক্ষীক অৱগত কৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নাওখন উদ্ধাৰ কৰে। 

মহাৰাষ্ট্ৰৰ ৰায়গড়ত হয়তো এটা ডাঙৰ ষড়যন্ত্ৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। কিয়নোসন্দেহজনক নাওৰ পৰা একে-৪৭ ৰাইফল আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। এই নাওবোৰত জিলেটিন ষ্টিক, তিনিটা একে-৪৭ ৰাইফল আৰু কাৰ্ট্ৰিজো পোৱা গৈছে । যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে অঞ্চলটোত 'হাই এলাৰ্ট' ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালভাৱে অনুসন্ধান অভিযানো আৰম্ভ কৰিছে। 

উল্লেখ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত সন্ত্ৰাসবাদীয়ে নাৱেৰে মুম্বাইত প্ৰৱেশ কৰিছিল। এনে পৰিস্থিতিত, নিৰাপত্তা সংস্থাবোৰ সতৰ্ক হৈ আছে যে এইটো কোনো ডাঙৰ ষড়যন্ত্ৰৰ লক্ষণ নেকি?


No comments