Breaking News

গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা



গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন বৈঠকত তেওঁ এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ একোটা পৰিয়ালৰ বিপৰীতে কৰ্মদিন সৃষ্টিৰ হাৰ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ এম জি এনৰেগাৰ শ্ৰমিকসকলৰ দ্বাৰা উন্নয়ন খণ্ডসমূহত অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ তথা উন্নীতকৰণৰ বাবেও নিৰ্দেশ দিয়ে । বৈঠকত উপায়ুক্তগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক দক্ষতা বিকাশ অভিযান, গোলাঘাটৰ সৈতে সমিলমিলেৰে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । বৈঠকত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, উন্নয়ন খণ্ড বিষয়াসকল, সহকাৰী কাৰ্যবাহী অভিযন্তাসকল, সহকাৰী অভিযন্তা, কণিষ্ঠ অভিযন্তা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক, খণ্ড প্ৰকল্প প্ৰবন্ধক আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল । 


আনহাতে উপায়ুক্তগৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শিক্ষা বিভাগৰ বিষয়ববীয়া সকলৰ সৈতেও এখন সুকীয়া বৈঠকত মিলিত হয় । তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুৰ্বল ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহৰ ক্ষেত্ৰত গোট (ক্লাষ্টাৰ) ভিত্তিক সমীক্ষা আৰু জিলাখনৰ যিসমূহ বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ অতি কম তেনেবোৰ বিদ্যালয়ত বিশেষ নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ আধাতে বিদ্যালয় এৰা বিশেষভাবে সক্ষম ল'ৰা-ছোৱালীৰ বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰাৰ বাবে ছ'চিয়েল মিডিয়া আৰু অন্য মাধ্যমসমূহৰ দ্বাৰা ব্যাপক প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়ে । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । সভাত অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক  ডঃ সমীৰণ বৰা আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী সকল  উপস্থিত আছিল । 


তেওঁ আজি ভূমি অধিগ্ৰহণ শাখাৰ সৈতেও আলোচনাত মিলিত হয় । অতিৰিক্ত উপায়ুক্ত চুলতানা  আখটাৰা আহমেদৰ উপস্থিতিত উপায়ুক্তগৰাকীয়ে এই শাখাৰ অধীনত জিলাখনত ৰূপায়িত ১১ টা প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । এখন সুকীয়া বৈঠকত তেওঁ জিলা পশুপালন আৰু পশুচিকিৎসা বিভাগৰ কাম-কাজৰো পৰ্যালোচনা কৰে । 

No comments