Breaking News

নুমলীগড়ৰ মৰঙি ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ত আটছাৰ তীব্ৰ প্ৰতিবাদ ৷

 


নুমলীগড়ৰ মৰঙি ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ত আটছাৰ তীব্ৰ প্ৰতিবাদ ৷ 

নুমলীগড়ৰ বগীধলা চাহ বাগিছাৰ লকআউট প্ৰত্যাহাৰ কৰি বাগিছাখন মুকলি কৰা আৰু লেটেকুজান চাহ বাগিচাৰ ৫১ বিঘা চাহভূমি উচ্ছেদৰ বিৰোধিতা কৰি আটছা মৰঙি উপ - শখা আৰু চাহ শ্ৰমিক ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ ২০১৭ বৰ্ষত প্ৰাপ্য অধিকাৰ বিচাৰি যাওতে শ্ৰমিকক বগীধলা বাগিচাৰ মালিকপক্ষই ১৭ জনকৈ শ্ৰমিকক গুলিয়াই আহত কৰিছিল ৷ ইয়াৰ পিছৰ পৰাই বন্ধ হৈ আছে বাগিছাখন ৷ শীঘ্ৰেই বাগিছাখন মুকলি কৰি শ্ৰমি ৰাইজৰ হিতৰ বাবে কাম কৰিবৰ বাবে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক দাবী জনোৱাৰ লগতে লেটেকুজান চাহ বাগিচাৰ ৫১ বিঘা ভূমিৰ উচ্ছেদ বন্ধৰ বাবে দাবী জনায় ৷ এই দাবী সমুহ অহা এটা সপ্তাহৰ ভিতৰত সমাধানৰ ব্যবস্থা নললে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰিব বুলি আটছাই সকিয়াই দিয়ে ৷

No comments