Breaking News

পৰশুৰাম কাকতিৰ "মন্ মন্দিৰ ' উন্মোচন

 



 গুৱাহাটীৰ খাৰঘূলিস্থিত উপৰ লুইতপাৰৰ মৃত্যুঞ্জয় শিৱ মন্দিৰ প্ৰাংগনত আজি পৰশুৰাম কাকতিৰ মন মন্দিৰ নামৰ এখনি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখিকা , শিশু সাহিত্যিক , প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ সম্পাদক শশী প্ৰভা দাসে। উল্লেখযোগ্য যে উক্ত মন্দিৰভাগৰ ৪৭ তম্ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিৱসাধক কাকতিৰ উক্ত গ্ৰন্থখনিৰ উন্মোচনী সভাত সভাপতিত্ব কৰে যোৰহাট জিলাৰ তিতাবৰস্থিত কাংসপাৰ বৰঠাই সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সাংবাদিক, লেখক, সাহিত্যিক, আন্তঃৰাষ্ট্ৰীয় হিন্দু মহাসভা, অসমৰ অধ্যক্ষ ঈশ্বৰ মহন্তই। সভাত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰি স্থানীয় হৰি শৰ্মাই লেখকৰ সৈতে থকা আত্মিক সম্পৰ্কৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। মঞ্চত উপবিষ্ট বিশিষ্ট লেখিকা মীনাক্ষী বেজবৰুৱা, বিষয় শিক্ষয়িত্ৰী তথা লেখিকা, সাহিত্যিক ড: বৈজয়ন্ত্ৰি গোস্বামীয়ে ভাষণ প্ৰদান কৰি অমূল্য গ্ৰন্থখনৰ ওপৰত আলোকপাত কৰে। সমাজৰ ফালৰ পৰা দুজন বক্তাই গ্ৰন্থখনৰ ওপৰত আলোকপাত কৰি লেখক - প্ৰকাশকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। গ্ৰন্থখনিৰ প্ৰকাশক ৰাজীৱ কাকতি আৰু মূল্য ৩০০ টকা ধাৰ্য কৰা হৈছে। নিসন্দেহে প্ৰায় ৩৮৪ পৃষ্ঠা জোৰা উক্ত গ্ৰন্থ খনি অসমীয়া সাহিত্যৰ ভড়াললৈ এক অনবদ্য অৱদান হিচাপে যুগমীয়া হৈ ৰব।

No comments