Breaking News

শিক্ষাবিদ, লেখক বিনোদ শৰ্মাৰ দেহাৱসান



গোলাঘাট চান্দমাৰী নিবাসী শিক্ষাবিদ, লেখক তথা  নীৰৱ সমাজ সেৱক,ধৰ্ম প্ৰাণা ব্যক্তি বিনোদ শৰ্মাৰ পৰলোক। বুধবাৰে সন্ধিয়া নিজা বাসভৱনত বাৰ্ধক্যজনিক কাৰণত  ৮৫ বছৰ বয়স শেষ নিশ্বাস ত্যাগ কৰে শৰ্মাই। শিক্ষাবিদগৰাকীৰ মৃত্যুত সমগ্ৰ গোলাঘাট নগৰখনতে গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ আগৰলৈকে  বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল শৰ্মা। শৰ্মা এগৰাকী আদৰ্শ পিতৃ হিচাপেও গণ্য কৰিব পাৰি। শৰ্মাই চাৰিগৰাকীকৈ কন্যা সন্তানকে উচ্চ শিক্ষা-দীক্ষাৰে সুপ্ৰতিষ্ঠিত ৰূপে  গঢ়ি তুলিবলৈ সক্ষম হৈছিল। বৰ্তমান কেউগৰাকী কন্যা বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত। মৃত্যুৰ সময়ত পত্নী, চাৰি কন্যা-জোৱাইসহ বহু আত্মীয় স্বজনক এৰি গৈছে।

কেইবাখনো গ্ৰন্থ ৰচনা কৰি শৰ্মা এগৰাকী লেখক হিচাপেও পৰিচিতি লাভ কৰিছিল। শৰ্মা অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল। ইয়াৰোপৰি গোলাঘাট সনাতন ধৰ্ম সমাজ আৰু গোলাঘাট বিষ্ণু মন্দিৰৰ ধৰণীস্বৰূপ আছিল বিনোদ শৰ্মা। শৰ্মা গোলাঘাট সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ স্বৰূপ আছিল।

 তেখেতৰ মৃত্যু জননী লাইভ পৰিয়ালেও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

No comments