গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা
ডিজিটেল সংবাদ, গোলাঘাটঃ সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যানবাহন আইন ১৯৮৮ ৰ ১২৮ ধাৰাৰ অধীনত সমগ্ৰ গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছে । অৱশ্যে ৬০ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি, মহিলা আৰু ১৫ বছৰ বয়সৰ তলৰ শিশুক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে । ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই এই নিষেধাজ্ঞা জাৰি কৰিছে । ৯ আগষ্টৰ পৰা ১৮ আগষ্টলৈ এই নিৰ্দেশ বাহাল থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
No comments