Breaking News

মই অসমলৈ কেতিয়াকে যাম কওঁক! কিয় অসমলৈ আহিব বিচাৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল?

 


মই অসমলৈ কেতিয়াকৈ যাম কওঁক, আপুনি আপোনাৰ ভাল কাম দেখুৱাব, আপুনি দিল্লীলৈ আহক মই দিল্লীৰ ভাল কাম দেখুৱাম- এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালৰ।

 শেহতীয়াকৈ  অসমৰ শিক্ষা ব্যৱস্থা আৰু দিল্লীৰ শিক্ষা ব্যৱস্থাকৈ লৈ এতিয়া আৰম্ভ হৈছে টুইট যুদ্ধ। অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত অব্যাহত আছে টুইট যুদ্ধ। 

অসমৰ নতুন শিক্ষানীতিৰ সন্দৰ্ভত টুইটযোগে প্ৰথমে কেজৰিৱালে কৰিছিল যে ‘বিদ্যালয় বন্ধ কৰাটো সমাধান নহয়। আমি সমগ্ৰ দেশতে বহুতো নতুন বিদ্যালয় খুলিব লাগিব। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে বিদ্যালয়বোৰ উন্নত কৰক আৰু শিক্ষা ব্যৱস্থা উন্নত কৰক বুলি কেজৰিয়ালে টুইট কৰিছিল।’

ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰত টুইট কৰিছিল যে ‘ প্ৰত্যেক দিনাৰ দৰে আপুনি কোনো হোমৱৰ্ক অবিহনে কিবা এটাৰ ওপৰত মন্তব্য কৰে। শিক্ষামন্ত্ৰী হিচাপে মোৰ দিনৰ পৰা এতিয়ালৈকে অসম চৰকাৰে ৮৬১০খন নতুনকৈ বিদ্যালয় স্থাপন কৰিছে। লগতে তেওঁ অসমৰ শিক্ষা ব্যৱস্থা চাবলৈও কেজৰিৱালক অসমৱলৈ আমন্ত্ৰণ জনাই। অসমৰ শিক্ষা ব্যৱস্থাৰ পৰা কেজৰিৱালে কিবা শিকা উচিত বুলি টুইটযোগে মন্তব্য কৰি হিমন্তবিশ্ব শৰ্মাই।

ইয়াৰ পিছতেই কেজৰিৱালে প্ৰত্যুত্তত টুইটযোগে মন্তব্য কৰে ‘ আপুনি দেখোন বেয়া পালে। মোৰ উদ্দেশ্য আপোনাৰ দুৰ্বলতা বিচৰা নাছিল। আমি একেখন দেশৰে। আমি এজনে ইজনৰ পৰা শিকা উচিত। তেতিয়াহে বিশ্বৰ প্ৰথম স্থানৰ দেশ হ’ব ভাৰত।

ইয়াৰ লগতে মই অসমলৈ কেতিয়াকৈ যাম কওঁক, আপুনি আপোনাৰ ভাল কাম দেখুৱাব, আপুনি দিল্লীলৈ আহক মই দিল্লীৰ ভাল কাম দেখুৱাম বুলিও টুইটযোগে মন্তব্য কৰে  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালৰ।


No comments