Breaking News

নিদ্ৰাহীনতাই আনিব পাৰে বিপদ



এজন পূৰ্ণবয়স্ক লোকৰ বাবে প্ৰতিদিনে ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷  কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবেও বহুতেই সময়মতে  শোৱাৰ সময় স্থিৰ কৰিব নোৱাৰে৷  কামৰ হেঁচাত টোপনিৰ পৰিমাণ ক’ব নোৱাৰাকৈয়ে হ্ৰাস পাই আহে৷  এনে ধৰণে টোপনিৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত শৰীৰত বিভিন্নধৰণৰ বেমাৰৰ উপসৰ্গই দেখা দিব পাৰে৷ প্ৰতিদিনে শোৱাৰ এটা নিৰ্দিষ্ট সময় থাকিব লাগে৷ শোৱাৰ সময়ৰ তাৰতম্য হ’লেই টোপনি পাতলীয়া হোৱাৰ উপৰি লাহে লাহে অনিদ্ৰাজনিত সমস্যাত ভুগিব পাৰে৷ এই অনিদ্ৰাই শেষত গৈ শৰীৰৰ বাবে বিপদ মাতি আনিব পাৰে৷ 

দীৰ্ঘ সময়ৰ বাবে অনিদ্ৰাত ভুগিলে মৃত্যুৰ আশংকা বৃদ্ধি পাব পাৰে৷ অনিদ্ৰাত ভোগা লোকৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ সাধাৰণ মানুহতকৈ বেছি৷ যিহেতু অনিদ্ৰাই বহুতো ৰোগৰ কাৰক হৈ পৰে৷  ইয়াৰোপৰি টোপনি পৰ্যাপ্ত নহ’লে মগজুত বিৰূপ প্ৰভাৱ পৰে৷ যাৰ ফলত স্মৃতিভ্ৰংশৰ দৰে ৰোগত ভুগিব পাৰে৷ লগতে নিদ্ৰাহীনতাৰ বাবে মগজুৱে সঠিকভাৱে কাম কৰাৰ শক্তি হেৰুৱায়৷ যাৰ বাবে দৈনন্দিনৰ কাম-কাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে।


No comments