Breaking News

দেৰগাঁৱত মহিলা প্ৰবঞ্চকক গ্ৰেপ্তাৰ

 


দেৰগাঁৱত মহিলা প্ৰবঞ্চকক গ্ৰেপ্তাৰ

নিশা দেৰগাঁও আৰক্ষীৰ এটা দলে বঙাল গাঁৱৰ এজন ব্যক্তিৰ ভাড়া ঘৰৰ পৰা এগৰাকী মহিলা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে।উল্লেখযোগ্য যে দেৰগাঁৱত যোৰহাটৰ স্নেহা বৰদলৈ নামৰ এগৰাকী মহিলা প্ৰৱঞ্চকে কেইবাজনো ব্যৱসায়ীৰ পৰা নগদ ধন আৰু বস্তু লৈ উধাও হয়।২১ আগষ্ট দেওবাৰে ধৃত স্নেহা বৰদলৈয়ে দেওবৰীয়া বজাৰৰ ফল-মূলৰ ব্যৱসায়ী মহেশ দাসৰ পৰা ৬৭০০ টকাৰ ফল-মূল আৰু নগদ ১০০০ টকা ,দেৰগাঁও চাৰিআলিৰ বস্ত্ৰ বিপণী " Kailashpati"ৰ পৰা ২২০০ টকাৰ কাপোৰ আৰু নেঘেৰিটিঙৰ মৎস্য ব্যৱসায়ী জিতুমণি দাসৰ পৰা ৬০০০টকাৰ মাছ আৰু ২৩৯ টকাৰ এটা ৰিচাৰ্জ লয়।এটা সপ্তাহ ব্যৱসায়ী সকল মহিলা গৰাকী আহিব বুলি ৰৈ আছিল।তেঁও যিতো ফোন নাম্বাৰ দিছিল ৰিচিভ নকৰে কাৰো ফোন।ব্যৱসায়ী সকলে উপাইঅন্ত হৈ দেৰগাঁও থানাত গোচৰ তৰে।এই ধৃত মহিলা গৰাকী অকল দেৰগাঁৱতে নহয় যোৰহাটৰ বহু ব্যৱসায়ীকো প্ৰৱঞ্চনা কৰি আহিছিল।ভুক্ত ভোগীৰ গোচৰৰ ভিত্তিত নিশাই মহিলা গৰাকীক আৰক্ষীয়ে আটক কৰি সোধ পোছ আৰম্ভ কৰিছে।

No comments