Breaking News

নীতিশ-কেজৰিৱালে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ



আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰে। দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত প্ৰায় ডেৰঘণ্টা সময় বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পিচতেই দুয়োগৰাকীয়ে একেলগে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে। 

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীসকলক একত্ৰিত কৰাই হয়তো আছিল এই বৈঠকৰ মূল উদ্দেশ্য। অৱশ্যেই এই সন্দৰ্ভত নিতীশ কুমাৰো কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে। 

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি জনাই যে মোৰ ঘৰলৈ অহাৰ বাবে নীতিশজীক বহুত ধন্যবাদ।  দেশৰ সৈতে সম্পৰ্কিত শিক্ষা, স্বাস্থ্য, অপাৰেচন লোটাছ আদি বহুতো গুৰুতপূৰ্ণ বিষয় আলোচনা কৰা কৰা বুলি উল্লেখ কৰে।  

No comments