Breaking News

বিহাৰৰ পৰা আৰম্ভ হোৱা ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে কেন্দ্ৰৰ ৰাজনীতিত



নতুন দিল্লীত এনচিপিৰ সভাপতি শৰদ পাৱাৰৰ বাসগৃহত উপস্থিত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিহাৰৰ পৰা আৰম্ভ হোৱা ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰভাৱ এই পৰিছে নেকি এতিয়া কেন্দ্ৰৰ ৰাজনীতিত । দুয়োগৰাকী নেতাৰ এই বৈঠকে ইংগিত বহন কৰিছে কেন্দ্ৰৰ ৰাজনীতি সম্পৰ্কে নতুন সমীকৰণ ।

এই সন্দৰ্ভত  মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে আমি সকলোকে একত্ৰিত কৰাত নিয়োজিত হৈ আছো। আমাৰ প্ৰয়াস যাতে সকলোকে এখন মঞ্চলৈ আনিব পাৰোঁ।  

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লগতে কয় যে ৰাজ্যসমূহৰ উন্নয়ন সম্পৰ্কে শৰদ পাৱাৰৰ সৈতে আলোচনা হৈছিল। শৰদ পাৱাৰে আমাৰ কামক সমৰ্থন কৰিছে। তেওঁ লগতে স্বীকাৰ কৰে যে যদি আমি একেলগে যুঁজ দিওঁ, তেন্তে দেশৰ উন্নয়নৰ কাম সম্পন্ন হ'ব। 

No comments