Breaking News

অসমৰ ৬ জনগোষ্ঠীক বঞ্চনা কৰাক লৈ মন্তব্য কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ



বুধবাৰে  কেন্দ্ৰীয় কেবিনেটে পাঁচ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰে। কিন্তু এই পাঁচ খন ৰাজ্যৰ ১২ টা জনগোষ্ঠীৰ ভিতৰত নপৰিল অসমৰ ৬ টাকৈ জনগোষ্ঠী। আহোম, চুতীয়া, চাহ জনগোষ্ঠীকে আদিকে কৰি ৬ টা জনগোষ্ঠীয়ে জনজাতি কৰণৰ দাবীৰে দীৰ্ঘদিনে ধৰি  চলাই আহিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী। কিন্তু এই দাবীক আওকান কৰি কেন্দ্ৰীয় চৰকাৰে পুনৰ এবাৰ প্ৰতাৰণা কৰিলে অসমৰ ৬ জনগোষ্ঠীক। কেন্দ্ৰীয় চৰকাৰ এনে বৈষম্য মূলক নীতিৰ আৰু প্ৰতাৰণাৰ বিৰোধিতা ৰাজ্যত অব্যাহত আছে এতিয়া প্ৰতিবাদী কাৰ্যসূচী। 

ইয়াৰ মাজতে গুৱাহাটীত উপস্থিত হৈ অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। কংগ্ৰেছ নেতা সিঙে মন্তব্য কৰি কয় যে, ‘‘বিজেপিয়ে ভোট পাবলৈ ভুৱা প্ৰতিশ্ৰুতি দিয়েই - ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত বিজেপি চৰকাৰৰ বঞ্চনা। এয়া কোনো নতুন বা আচৰিত হ’বলগীয়া কথা নহয়। বিজেপিয়ে ভোট পাবলৈ ভুৱা প্ৰতিশ্ৰুতি দিয়েই।

উল্লেখযোগ্য যে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সভা অনুষ্ঠিত হয়।  উক্ত সভাত উপস্থিত হোৱাৰ মুহূৰ্ততে এই মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

No comments