Breaking News

নিজৰ কৰ্মৰ জড়িয়তে সফল হোৱাৰ নিদৰ্শন পুনৰবাৰ দাঙি ধৰিলে মেৰাপানীৰ উদ্যমী যুৱতী গিতাঞ্জলী শইকীয়াই




ডিজিটেল সংবাদ,মেৰাপানী.... মনত সাহস, একাগ্ৰতা আৰু ধৈৰ্য থাকিলে নিশ্চয় সফল হ'ব পাৰি। নিজৰ কৰ্মৰ জৰিয়তে সফল হোৱাৰ নিদৰ্শন পুনৰবাৰ দাঙি ধৰিলে মেৰাপানীৰ উদ্যমী যুৱতী গীতাঞ্জলি  শইকীয়াই।নানা ৰঙী ফল, ফুলৰ শোভাসিত এখন নাৰ্চাৰী। নাম নাইট কুইন নাৰ্চাৰী। নাৰ্চাৰীখনৰ নাম এইবাবেই চৰ্চিত হৈছে যে এইখন মুকলি কৰিছে নিজৰ কৰ্মৰ জৰিয়তে ছচিয়ল মেডিয়াত ভাইৰেল হৈ পৰা কৰ্মোদ্যমী যুৱতী গীতাঞ্জলি শইকীয়াই। পিতৃ অসুস্থতা বাবেই দৰিদ্ৰতাৰ কৱলত পৰা মেৰাপানীৰ ৪ নং কল্যাণপুৰৰ আদিত্য শইকীয়াৰ পৰিয়ালটোৰ জীয়ৰি গীতাঞ্জলি  বহুলভাৱে চৰ্চিত হৈছিল social media ত। এটা সময়ত নিজৰ পৰিয়াল পোহপাল দিবৰ বাবে 2018  চনত ঘৰৰ সন্মূখতে আৰম্ভ কৰিছিল এখন পকৰী দোকান।


পৰৱৰ্তী সময়ত ঘৰত খেতি কৰি বজাৰে বজাৰে শাকপাছলি আৰু বীজ পুলি বিক্ৰী কৰি ফুৰা পৰিশ্ৰমী গীতাঞ্জলি শইকীয়াই প্ৰতিষ্ঠা কৰিছিল নাইট কুইন নামেৰে এখন নাৰ্চাৰী। উচ্চ শিক্ষিতা যুৱতী গৰাকীৰ কৰ্মদ্যোম দেখি সহায় কৰিবলৈ আগবাঢ়ি আহিছিল অসম চৰকাৰৰ কৃষি বিভাগ। পৰৱৰ্তী সময়ত বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰশিক্ষণ গ্ৰহণৰ অন্তত গিতাঞ্জলীয়ে পুনৰ আন এখন নাইট কুইন নাৰ্চাৰী আৰম্ভ কৰিবলৈ সক্ষম হৈছে মেৰাপানীৰ কল্যাণপুৰত। ইয়াৰে লগতে গীতাঞ্জলিয়ে আৰম্ভ কৰিছে এখন গ্ৰন্থ বিপনীও। তাইৰ আশা এইবোৰ কামৰ জৰিয়তেই নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও আনক দহজনক সুযোগ্য কৰি তোলা। 

No comments