Breaking News

মাজুলীৰ কনমানি কণ্ঠশিল্পী তেজস্ৰীতা বৰুৱা আৰু নাই ,

 


ডিজিটেল সংবাদ, মাজুলীঃমাজুলীৰ কনমানি কণ্ঠশিল্পী তেজস্ৰীতা বৰুৱা আৰু নাই ,মাজুলী কনমানি কণ্ঠশিল্পী নাম তেজস্ৰীতা বৰুৱা ! যাৰ কণ্ঠত আছিল এক অনন্য সোৱাদ ! নৱম শ্ৰেণীত অধ্যনত এই কনমানি শিল্পীগৰাকী  সৰুৰ পৰা এক যাদুকৰী কণ্ঠৰে ডাঙৰ হোৱা  তেজস্ৰীতাৰ কণ্ঠই মোহাচন্ন কৰিছিল   সমগ্ৰ মাজুলীৰ লগতে অসমবাসীক ! পঢ়াৰ লগতে বিভিন্ন সময়ত ৰাইজক দি গৈছিল এটাৰ পিছত আনটো সুমধুৰ গীত !  শংকৰদেৱৰ জন্মউৎসৱ কাৰ্য্যসূচীত অংশগ্ৰহন কৰি বৰগীত পৰিবেশনৰ সময়ত ঢলি পৰিছিল কনমানি কণ্ঠশিল্পী তেজস্ৰীতা বৰুৱা, লগে লগে গড়মূৰ জিলা অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও মৃত্যুৰ কোলাত শুই পৰিছিল শিল্পীগৰাকী  !  সেইয়াই শেষ অনুষ্ঠান আছিল শিল্পী গৰাকীৰ ! কনমানি শিল্পীগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে সমগ্ৰ মাজুলীৰ সংগীত প্ৰেমী ৰাইজ ! তেজস্ৰীতা কায়িক ভাৱে আমাৰ মাজত নাই  যদিও চিৰদিন তেওৰ কণ্ঠ জিলিকি ৰ'ব আমাৰ মাজত ! কনমানি কণ্ঠশিল্পী তেজস্ৰীতাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনা কৰিলো

No comments