Breaking News

নুমলীগড় কাষৰীয়া বনগাঁৱত এম্বুলেন্স আৰু টেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষ ,আহত এজন ।

 


ডিজিটেল সংবাদ,নুমলীগড়....  নুমলীগড় কাষৰীয়া বনগাঁৱত এম্বুলেন্স আৰু টেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষ ,আহত এজন ।নুমলীগড় কাষৰীয়া বনগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা । টেক্টৰ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাটোত আহত এম্বুলেন্স চালক গৰাকী । নুমলীগড় চাহ বাগিছাৰ পৰা এম্বুলেন্সখনে যোৰহাটলৈ ৰোগী আনিবলৈ যোৱাৰ পথত সংঘটিত এই দুৰ্ঘটনা ।দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত এম্বুলেন্স চালক  গৰাকী।ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে । দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত সামাণ্য পৰিমানে সৃষ্টি হৈছে যান যতৰ । টেক্টৰ খনে ইউৰিয়া সাৰ কঢ়িয়াই আনিছিল । আহত এম্বুলেন্স চালক গৰাকীক যোৰহাট মেডিকল কলেজ হস্পিটেলত ভৰ্তি কৰাইছে যদিও দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে টেক্টৰ চালক গৰাকী।

No comments