Breaking News

নুমলীগড়ৰ চফেলা চাহ বাগিচাত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ

 


ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ চফেলা চাহ বাগিচাত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ ৷নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ অধীনৰ চফেলা চাহবাগিছাৰ ৯ নম্বৰ চেকছনত আজি স্থানীয় লোকে মৃত অৱস্থাত এটা প্ৰকাণ্ড মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ কৰে ৷ মৃত নাহৰফুটুকীটোৰ দুৰ্গন্ধময় হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাদিনৰ আগতে মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ বন বিভাগক খবৰ দিয়াৰ পিছতো এই পৰ্যন্ত উপস্থিত হোৱা নাই বনকৰ্মী ৷বাঘটোৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা নাই ৷

No comments