Breaking News

অসম হাইস্কুল শিক্ষক সংস্থাৰ গোলাঘাট জিলাৰ ৪৬ ত্‌ম বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি ।



ডিজিটেল সংবাদ,ফৰকাটিংঃ অসম হাইস্কুল শিক্ষক সংস্থাৰ গোলাঘাট জিলাৰ ৪৬ ত্‌ম বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি ।২৮ আৰু ২৯ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে গোলাঘাট বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গোলাঘাট জিলাৰ  অসম হাইস্কুল শিক্ষক সংস্থাৰ অন্তৰ্গত মুঠ ৯৩ খন বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ০৭ খন আৰু ৮৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকল উপস্থিতিত‌এখন সবাঙ্গসুন্দৰ অধিবেশন অনুস্থিত হয় ।মুকলি সভাত গোলাঘাট জিলাৰ  বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰা উপস্থিত থাকি বিদ্যালয় সমূহ কি দৰে সূচাৰূ ৰূপে পৰিচালনা কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ সৰ্বাংগীন উন্নতিৰ বাবে চেষ্টা চলাৱলৈ শিক্ষক সকলক আহ্বান জনাই ।  উক্ত সভাত নিৰ্দিষ্ট বক্তা হিছাপে উপস্থিত থাকে অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক নবীন শইকীয়া। বাৰ্ষিক অধিৱেশনত ১৮জন বিভিন্ন বিভাগৰ  সদস্যৰে পৰিপূৰ্ণ এখন সমিতী গঠন কৰে নতুন সমিতিৰ সভাপতি অঞ্জন কুমাৰ বৰা,উপ সভাপতি জুলাদ্দিন আহমেদ আৰু নগেন বৰা সম্পাদক প্ৰাঞ্জল প্ৰদীপ শৰ্মা সহ সম্পাদক প্ৰৱীন গগৈ য়ে দায়িত্বভাৰ গ্ৰহণ কৰে ।


No comments