Breaking News

সাংস্কৃতিক চহৰ যোৰহাটৰ পশ্চিম চাৰিঙীয়াত প্ৰকৃতি প্ৰেমী সমীৰ ৰয়ৰ অৰ্কিড ৰোপণ আৰু অসমীয়া ছবিৰ প্ৰচাৰ অভিযান

 


ডিজিটেল সংবাদ,যোৰহাট.... সাংস্কৃতিক চহৰ যোৰহাটৰ পশ্চিমে চাৰিঙীয়াত প্ৰকৃতি প্ৰেমী সমীৰ ৰয়ৰ অৰ্কিড ৰোপণ আৰু অসমীয়া ছবিৰ প্ৰচাৰ অভিযান,নিৰ বিছিন্ন ভাৱে ২০১৭ চনৰ পৰা আজি তাৰিখলৈকে অৰ্কিড ৰোপনেৰে প্ৰকৃতি সুৰক্ষাৰ প্ৰতি সজাগতা অনা আৰু চিত্ৰগৃহত গৈ অসমীয়া ছবি চাবলৈ ৰাইজক সজাগ কৰি নিঃস্বাৰ্থ ভাবে কাম কৰি অহা সাংস্কৃতিক চহৰ যোৰহাটৰ এজন যুৱক হল সমীৰ ৰয়। এই ক্ষেত্ৰত প্ৰকৃতি প্ৰেমী হিচাবে যোৰহাট জিলা প্ৰশাসনে আৰু অৰ্কিড বয় হিচাবে জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে সন্মানিত কৰা সমীৰে আজি পশ্চিম যোৰহাট অঞ্চলৰ চাৰিঙীয়াত অৰ্কিড আৰু অসমীয়া ছবিৰ ওপৰত এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰে। সম্পূৰ্ণ নিজৰ খৰচত এই অভিযান চলাই অহা যুৱক সমীৰে আজি উক্ত গাওঁ খনত উপস্থিত হৈ গাঁওবাসী ৰাইজৰ লগত "ৰিজাৰ্ভ বাছ--অসমীয়া ছবি চাবলৈ যাওঁ আহক" এই শীৰ্ষক শ্লোগানেৰে ছবি গৃহলৈ আহিব লগা নয়ন নীলিমৰ "বন্ধু" চিনেমাখনৰ লগতে বৰ্তমান ছবি গৃহত চলি থকা "বেলকণিত ভগৱান","মোৰ শেষ গান" আৰু "লংকা কাণ্ড" ৰ ওপৰত সৃষ্টি মূলক প্ৰচাৰ আৰু সজাগতাৰ অভিযান চলাই গাঁওবাসীক অসমীয়া ছবি চাবলৈ আহ্বান জনায় ছবি গৃহলৈ যাবলৈ কয়। এই কার্যসূচীতেই আজি গাঁও খনৰ ৰাইজে "বেলকণিত ভগৱান" আৰু আহিব লগা ছবি "বন্ধু " ৰিজাৰ্ভ বাছৰ জৰিয়তে চাবলৈ যোৱাৰ পৰিকল্পনা কৰে। আনহাতে এই অভিযানৰ পিছত প্ৰকৃতি প্ৰেমী গৰাকীয়ে দৈনিক জনমভূমিৰ পশ্চিম যোৰহাটৰ সাংবাদিক প্ৰাঞ্জল প্ৰতীম বৰা আৰু অসমৰ জনপ্ৰিয় ঘোষিকা প্ৰেৰণা বৰদলৈৰ গৃহত দুয়োৰে নামত এজোপা অৰ্কিড ৰোপণ কৰাৰ লগতে ভাৰত ৰত্ন প্ৰয়াত সংগীত শিল্পী লতা মংগেশকাৰ আৰু  জ্যেষ্ঠ সাংবাদিক তথা দৈনিক জনমভূমিৰ যোৰহাটৰ ডেস্ক ইনচাৰ্য দিগন্ত বুঢ়াগোহাঁইৰ নামটো দুজোপা অৰ্কিড ৰোপণ কৰে। প্ৰথম বাৰৰ কাৰণে পশ্চিম যোৰহাটৰ চাৰিঙীয়া অঞ্চলত এনে ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি উক্ত অঞ্চলৰ ৰাইজক এনে কামৰ প্ৰতি সজাগ কৰাৰ বাবে গাঁও খনৰ ৰাইজে সমাজ সচেতন যুৱক সমীৰ ৰয়ৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

No comments