Breaking News

শিৱসাগৰৰ আমগুৰিত অঘটন, নদীত পৰি যুৱকৰ কৰুণ মৃত্যু

 


ডিজিটেল সংবাদ,শিৱসাগৰ...শিৱসাগৰৰ আমগুৰিত অঘটন, নদীত পৰি যুৱকৰ কৰুণ মৃত্যু।তিনি বন্ধুৰে সৈতে মিটং নদীত বৰশী বাবলৈ গৈছিল যুৱকজনে, মৃতদেহ উদ্ধাৰ..গৌৰীসাগৰৰ মিটং নদীত পৰি যুৱকৰ কৰুণ মৃত্যু । শিৱসাগৰৰ আমগুৰি গৌৰীসাগৰৰ মিটং নদী চিন্তামণিগড়ৰ ডিমৌগুৰিত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । নদীত পৰি যুৱকৰ কৰুণ মৃত্যু হোৱাৰ সন্দেহ । যুৱকজনৰ নাম অজয় বৰুৱা, ঘৰ আমগুৰি বেলিমুখীয়া চাংমাই গাঁৱত । তিনি বন্ধুৰে সৈতে মিটং নদীত বৰশী বাবলৈ গৈছিল অজয় বৰুৱাই । অৱশেষত বিগত নিশা আৰক্ষীয়ে আমগুৰি গৌৰীসাগৰৰ মিটং নদীৰ পৰা অজয় বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰি আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। যাক লৈ এতিয়া অঞ্চলজুৰি উত্তেজনা অব্যাহত আছে ।


No comments