Breaking News

বোকাজান বোকাজানৰ বৰপথাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ডিজিটেল সংবাদ,বোকাজান....বোকাজানৰ বৰপথাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ৷ আটক এজন সৰৱৰাহকাৰী ,কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ থানাৰ এক বিশেষ তালাচীত ডিমাপুৰৰ পৰা অহা এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে এটা সৰৱৰাহকাৰী ৷সৰৱৰাহকৰীটো আছিল ট্ৰাক খনৰ চালৰ হাৰিয়ানাৰ সেৱা সিং ৷ আৰক্ষীৰ সুত্ৰ অনুসৰি এক খবৰৰ ভিত্তিত চলোৱা এই তালাচীৰ সময়ত নগালেণ্ডৰ ডিমাপুৰৰ পৰা অহা এইচ.আৰ.৩৮এক্স৮০৯৩ নম্বৰৰ ট্ৰাকখনৰ পৰা আঠ কুইণ্টল এক কেজি গাঞ্জা জব্দ কৰাৰ লগতে সৰৱৰাহৰ লগত জড়িত ট্ৰাকখনৰ চালক সেৱা সিংক আটক কৰে ৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য আশী লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷

No comments