Breaking News

অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগৰ উদ্যোগত চৰাইদেউ জিলাত দিব্যাংগ শিশুৰ অধিকাৰ বিষয়ক সজাগতা সভা অনুষ্ঠিত,

 

ডিজিটেল সংবাদ, সোণাৰিঃঅসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগৰ উদ্যোগত চৰাইদেউ জিলাত দিব্যাংগ শিশুৰ অধিকাৰ বিষয়ক সজাগতা সভা অনুষ্ঠিত অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগৰ উদ্যোগত তথা চৰাইদেউ শিক্ষা আৰু দক্ষতা বিকাশ ন্যাসৰ সহযোগত আজি চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত দিব্যাংগ শিশুৰ অধিকাৰ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগৰ অধ্যক্ষা ডঃ সুনিতা চাংকাকতিয়ে তেওঁৰ বক্তব্যত দিব্যাংগ শিশুৰ প্ৰতি পৰিয়াল আৰু সমাজৰ দৃষ্টিকোণ সলনি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দিব্যাংগ শিশুক আন শিশুৰ দৰে সমানে গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সকলোৱে আগভাগ ল'ব লাগিব বুলি কয়।সভাত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে জিলাখনৰ চাহ বাগিচা এলেকাত চলোৱা এক সমীক্ষা অনুসৰি ১৬১ গৰাকী দিব্যাংগ শিশু আছে বুলি অৱগত কৰে। তেওঁ শিশু সকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰে। সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে সভাত উপস্থিত থাকি দিব্যাংগ সকলৰ বাবে সমাজ কল্যাণ বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগৰ সদস্য অজয় কুমাৰ দত্তই আদৰণি ভাষণ প্ৰদান কৰা সভাত শলাগৰ শৰাই আগবঢ়ায় আয়োগৰ সদস্য ফণীন্দ্ৰ বুজৰবৰুৱাই। আজিৰ সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডাঃ পংকজ দাস, ডাঃ উদয় অৰুণ ৰানাডে আৰু এ. চি. আৰ. ডি.ৰ সমন্বয়ক অপূৰ্ব শৰ্মা। আজিৰ সভাত অসম ৰাজ্যিক শিশু সুৰক্ষা অধিকাৰ আয়োগৰ আইনী পৰামৰ্শদাতা দিব্যজ্যোতি শৰ্মা, সমাজ কল্যাণ বিভাগৰ চি. ডি. পি. অ. সকল, চুপাৰভিজাৰ সকল, অংগনৱাড়ী কৰ্মীসকল আৰু আশা কৰ্মীসকল উপস্থিত থাকে।


No comments