Breaking News

নয়ডাৰ প্লাষ্টিক কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড, কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই



খন্তেক সময়ৰ পূৰ্বে নয়ডা চেক্টৰ ৩ ৰ এটা প্লাষ্টিক কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। নয়ডাৰ চেক্টৰ-৩ ৰ এটা অট্টালিকাত জুই লগাৰ ফলত সমগ্ৰ অঞ্চলটো আৱৰি ধৰে ডাঠ ক'লা ধোঁৱাই। ইয়াৰ পিছতেই জুই নিৰ্বাপনৰ বাবে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় ঘটনাস্থলীত।

বৰ্তমানলৈকে  কোনো হতাহতি হোৱাৰ খবৰ পোৱা হোৱা নাই। এতিয়ালৈকে অগ্নিকাণ্ডৰ  কাৰণ আৰু ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আইন-শৃংখলাৰ যুটীয়া আৰক্ষী আয়ুক্ত ৰবি শংকৰ চাব্বিয়ে কয়, "আমি প্লাষ্টিকট্ৰে নিৰ্মাণ কাৰী কোম্পানী এটাত অগ্নিকাণ্ডৰ তথ্য পাইছিলো। কেইবাখনো অগ্নি নিৰ্বাপক বাহনে জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।  কোম্পানীটোৰ ওচৰৰ অট্টালিকাটো খালি কৰা হৈছে। এতিয়ালৈকে কোনো আঘাত বা প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই।"

No comments