Breaking News

শিৱসাগৰৰ নাজিৰা প্ৰবীণ মুক্তি যুঁজাৰু যদু বৰুৱাৰ দেহাৱসান

 

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ নাজিৰা প্ৰবীণ মুক্তি যুঁজাৰু যদু বৰুৱাৰ দেহাৱসান ,কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মুক্তি যুঁজাৰু পেঞ্চনাৰ শিৱসাগৰৰ নাজিৰা মেজেঙা বৰাখোৱা গাওঁ নিবাসী মুক্তিযোদ্ধা যদু বৰুৱাৰ (৯৯) বছৰ বয়সত দিনৰ ২ বজাত নিজ বাসগৃহত দেহাৱসান ঘটে । প্ৰবীণ মুক্তি যুঁজাৰু গৰাকীৰ বিয়োগত অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে গভীৰ শোক প্ৰকাশ কৰে । স্বাধীনতা সংগ্ৰামত জড়িত স্বৰ্গীয় যদু বৰুৱাই নাজিৰাৰ মেজেঙা অঞ্চলত কেইবাখনো বিদ্যালয়ৰ প্ৰতিষ্ঠা, গাঁওৰক্ষী বাহিনীৰ সভাপতিকে ধৰি বহু অনুষ্ঠানৰ লগত জড়িত হৈ মৃত্যুৰ সময়লৈকে নাজিৰা জিলা মুক্তি যুঁজাৰু সন্মিলনীৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল । আজি ৰাজ্যিক মৰ্যাদাৰে নিজা বাসগৃহতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় । মৃত্যুৰ সময়ত মুক্তি যোদ্ধা গৰাকীয়ে পত্নীৰ উপৰিও তিনিজন পুত্ৰ, দু-গৰাকী জী সহ বহু আত্মীয়ক এৰি থৈ যায় ।শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, নাজিৰা ৰাজহ চক্ৰ বিষয়া ভানলাল লিম্পুইয়া নামপুই, নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই মুক্তি যুঁজাৰু গৰাকীৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰয়াত মুক্তি যুঁজাৰু গৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে 

No comments