Breaking News

নুমলীগড়ৰ মৰঙিৰ পথাৰত আশাৰ পৰিবৰ্তে কৃষকৰ চকুলো , বেদনাসিক্ত নয়নেৰে চাইছে উদং পথাৰৰ উকা অন্তৰখন।


ডিজিটেল সংবাদ,নুমলীগড় .....  আজি কাতি বিহু ,কাতি বিহু অসমীয়া জাতিৰ বাপতিসাহোন। প্ৰতিজন চহা কৃষিজীৱি তথা অসমীয়াৰ অন্তৰত আছে কাতি বিহুৰ উন্মাদনা। তুলসী তলৰ পৰা পথাৰত আকাশ বন্তি জ্বলোৱালৈকে কৃষক ৰাইজৰ ব্যস্ততাৰ অন্ত নাই আজিৰ এই দিনটোত। কাতিৰ ধাননি পথাৰখনক লৈ কৃষক ৰাইজৰ কত যে আশা, কিমান যে সপোন ৷ কাতি বিহুৰ এই দিনটো কৃষক ৰাইজৰ উলাহ উদ্দীপনাৰ সীমা নাই ৷  কিন্তু এইবাৰ নুমলীগড়ৰ মৰঙিৰ পথাৰত আশাৰ পৰিবৰ্তে কৃষকৰ চকুলো। বুজাব নোৱাৰা বেদনাই হেচুকি ধৰিছে প্ৰত্যেক খেতিয়কৰ অন্তৰ। বেদনাসিক্ত নয়নেৰে চাইছে উদং পথাৰৰ উকা অন্তৰখন। আজি য'ত নজ্বলে চাকি, নজ্বলে আকাশ বন্তি । কাতি বিহুত ধাননিৰ মাজত শাৰী শাৰী বন্তি জ্বলা কৃষকৰ সপোনৰ পথাৰখন আজি উদং ।         

কাতিত যি পথাৰ চাই কৃষকে ভৱিষ্যতৰ সপোন ৰচে সেই পথাৰ আজি উকা, ভৰি আছে কেৱল ঘাঁহ, বন তথা অপতৃণই।কোনো কোনোৱে যি দুই এডৰা খেতি কৰিছিল সেয়াও নিশাটোৰ ভিতৰতে তচনচ কৰি যায় বন্যহাতীৰ জাকে ৷  বিগত দুটা দশক ধৰি   ক্ৰমান্বয়ে বাঢ়ি আহিছে হাতীৰ উপদ্ৰৱ ৷ যাৰ বাবে মৰঙিৰ তেলীয়া গাওঁ, ধলাকছাৰী , শ’লমাৰি, হালোৱা গাওঁ, মিৰিপথাৰ, ৰংবং, বৰচাপৰি আদি অৰ্ধশতাধিক গাৱঁৰ হাজাৰ হাজাৰ বিঘা খেতি মাটি  চন পৰি ৰ'ল । গৰিষ্ঠ সংখ্যক খেতিয়কে হাতীৰ উপদ্ৰৱৰ বাবেই এডৰা মাটিও খেতি নকৰিলে ৷ আজি কাতি বিহুত বন্তি জ্বলাবলৈ এডৰা ধাননি নাই বহু খেতিয়কৰ। ফলত হুমুনিয়াহ কাঢ়িছে খেতিয়কে। উদং পথাৰখন চাই চাই ভৱিষ্যতৰ দুশ্চিন্তাত দিন কটাবলগীয়া হৈছে কৃষিজীৱি ৰাইজ।

No comments