Breaking News

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ চৰকাৰী চিকিৎসালয়ত অস্থায়ীভাৱে নিয়োজিত হৈ থকা চতুৰ্থবৰ্গৰ কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী তুলিছে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী সন্থাই

 

ডিজিটেল সংবাদ, মেৰাপানীঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ চৰকাৰী  চিকিৎসালয়ত অস্থায়ীভাৱে নিয়োজিত হৈ থকা চতুৰ্থবৰ্গৰ কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী তুলিছে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী সন্থাই।  চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মীৰ ৰাজ্যিক সম্পাদক বাবুল দাসে মেৰাপানীত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰেই কৰ্মচাৰী সকলক সমমৰ্যদা প্ৰদানৰ দাবী জনায়। উল্লেখ্য যে,ৰাজ্যৰ স্বাস্থ্য খণ্ডত চৰকাৰী চিকিৎসালয় সমূহত প্ৰায় চাৰি হাজাৰ অস্থায়ী স্বাস্থ্য কৰ্মীয়ে সেৱা আগবঢ়াই আহিছে। 


মাত্ৰ এক হাজাৰৰ পৰা চাৰিহাজাৰ টকাৰ নিম্নতম পাৰিতোষিকত অস্থায়ী স্বাস্থ্য কৰ্মীসকলে এম্বুলেঞ্চ ড্ৰাইভাৰ, ড্ৰেচাৰ, ৱাৰ্ড গাৰ্ল-ৱাৰ্ড বয়, চুইপাৰ, দে চকীদাৰ ,নাইট চকীদাৰ আদি বিভিন্ন বিভাগৰ পদত কৰ্মৰত হৈ আছে। কিন্তু দুভাগ্যজনক ভাৱে এইসকল অস্থায়ী কৰ্মচাৰীক মাহী আই চকুৰে চাই আহিছে চৰকাৰে। যি সময়ত ৰাজ্যৰ গৃহৰক্ষী জোৱান সকলৰ দৰমহা বৃদ্ধি কৰা হৈছে তেনে সময়তে দিনে দিশাই চৰকাৰী খণ্ডৰ চিকিৎসালয়ত কৰ্তব্য সম্পাদন কৰি থকা এই সকল কৰ্মীক স্থায়ী নিযুক্তিৰ দাবী তুলিছে সন্থাই ।

No comments