Breaking News

গোলাঘাটৰ পুলিবৰত আজি এক শোকাবহ পথ দুৰ্ঘটনাত সংঘটিত হয়। দুৰ্ঘটনাত মৃত্যু এজন ষষ্ঠশ্ৰেণীৰ ছাত্ৰৰ ।

 


ডিজিটেল সংবাদ,গোলাঘাট ..... গোলাঘাটৰ পুলিবৰত আজি এক শোকাবহ পথ দুৰ্ঘটনাত সংঘটিত হয়। দুৰ্ঘটনাত মৃত্যু এজন ষষ্ঠশ্ৰেণীৰ ছাত্ৰৰ ।  যোগীবাৰী ন-ভেটাৰ সৰ্বানন্দ গগৈৰ পুত্ৰ চন্দনজ্যোতি গগৈ আনদিনাৰ দৰে আজিও পুৱা চাইকেলেৰে পুলিবৰ আদৰ্শ বিদ্যাপীঠলৈ আহি থকা অৱস্থাত বিদ্যালয়ৰ কাষতে হঠাত এখন এল্ট বাহনৰ খুন্দাত উফৰি পৰে ছাত্ৰজন ৷ উক্ত দুৰ্ঘটনাৰ পাছতেই চন্দনক খুন্দিওৱা এল্ট্ৰ বাহনখনতে গোলাঘাট ছহিদ কুশলকোৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও কৰুণ মৃত্যুক সাৱতি ল’ব লগা হয় ছাত্ৰগৰাকীয়ে।  চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল যদিও অৱস্থা অতি সংকটজনক হোৱাত পুনৰ শ্বহীজ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউতে ভৰ্তি কৰে। শেষত গোলাঘাটতেই শেষ নিশ্বাস ত্যাগ কৰে  ছাত্ৰজনে ৷ইফালে দুৰ্ঘটনা সংঘটিতকৰা As 03 AG 4066 নম্বৰৰ এল্ট্ৰ বাহনখনে আহত চন্দনক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত গোলাঘাট সদৰ থানাত আত্মসমৰ্পণ কৰিছে বুলি জানিবপৰা গৈছে ৷

No comments