Breaking News

শিৱসাগৰৰ নাজিৰা বালিঘাট তিনিআলিত আচাৰ বনোৱা কেন্দ্ৰত মহিলাসকলৰ মাজত প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত।


ডিজিটেল সংবাদ, শিৱসাগৰঃ
  শিৱসাগৰৰ নাজিৰা বালিঘাট তিনিআলিত আচাৰ বনোৱা কেন্দ্ৰত মহিলাসকলৰ মাজত প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত নাৰী সবলীকৰণ, নিবনুৱা মহিলাসকলক সংস্থাপনৰ পথ দেখুওৱা তথা স্বাৱলম্বীতাৰ পথ বাচি লোৱাৰ উদ্দেশ্য এই কৰ্মশালাৰ আয়োজনবালিঘাট  তিনিআলিত দুদিনীয়াকৈ আচাৰ বনোৱা প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছে । শিৱসাগৰৰ নাজিৰা বালিঘাট তিনিআলিত অৱস্থিত আচাৰ বনোৱা প্ৰশিক্ষণ কেন্দ্ৰত নাৰী উন্নতি নাজিৰা, লীনা প্ৰডাক্টৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ সহযোগত অনুস্থিত হৈছে এই আচাৰ বনোৱা প্ৰশিক্ষণ কৰ্মশালা । নাৰী সবলীকৰণ, নিবনুৱা মহিলাসকলক সংস্থাপনৰ পথ দেখুওৱা মহিলাসকলে স্বাৱলম্বীতাৰ পথ বাচি লোৱাৰ উদ্দেশ্য আগত ৰাখি এই আচাৰ বনোৱা প্ৰশিক্ষণ কৰ্মশালা অনুস্থিত হৈছে । প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত থাকে অ'এনজিচিৰ অফিৰ্চাচ মহিলা সমিতিৰ সভানেত্ৰী উপমা দাস, উপঃসভানেত্ৰী ময়ূৰাক্ষী মহন্ত আৰু নাৰী উন্নতি নাজিৰাৰ সভানেত্ৰী আমিনা বেগমৰ লগতে ভালে কেইবাগৰাকী সমাজকৰ্মী ব্যক্তি । অনাগত দিনত এই কৰ্মৰাজিৰ জড়িয়তে তেওঁলোক স্ব-নিৰ্ভৰশীল হোৱাৰ পোষকতা কৰা হৈছে ।


No comments