Breaking News

সোনাৰিত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ ।


 ডিজিটেল সংবাদ, সোণাৰিঃ 
সোনাৰিত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ । কালি গুৱাহাটীৰ পৰা অহা এখন নৈশ বাছত সাত কাৰ্টুন বিস্ফোৰক আনি সোনাৰি আৰক্ষী থানাৰ সন্মুখতে থকা বাছ কাউন্টাৰত কাৰ্টুন সমুহ নমাই । পাছত দুপৰীয়া ১ মান বজাত নাগালেণ্ডৰ নামচাৰ ভেৰি মিজো নামৰ এগৰাকী নগা মহিলাই এখন অটোত সাত কাৰ্টুন বিস্ফোৰক খিনি লৈ নামতোলা লৈ গৈ থকা অৱস্থাত নামতোলা আৰক্ষীয়ে তালাচি চলাবলৈ লোৱা সময়ত মহিলা গৰাকীয়ে কাৰ্টুন কেইটাত কিতাপ থকা বুলি কয়।  আৰক্ষী জোৱান জনে কাৰ্টুন চাব বিচৰাত নগা মহিলা গৰাকীয়ে ধনৰ টোপোলা দিব বিচাৰে কিন্তু আৰক্ষী জোৱান জনৰ সন্দেহ অধিক হোৱা কাৰ্টুন খুলি চোৱাত বৃহৎ পৰিমাণৰ বিস্ফোৰক খিনি উদ্ধাৰ হয় । আৰক্ষীয়ে নগা মহিলা গৰাকীৰ লগতে আটো চালক আদাম তাতী আটক কৰিছে ।

No comments