Breaking News

নলবাৰীৰ চামতাত ভাৰতী ফিজিঅ’থেৰাপী এণ্ড পেইন ক্লিনিক মুকলি


 ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰীৰ চামতাত ভাৰতী ফিজিঅ’থেৰাপী এণ্ড পেইন ক্লিনিক মুকলি নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ কাৰ্য্যালয় চৌহদত আজি নলবাৰী স্থিত ভাৰতী ফিজিঅ’থেৰাপী এণ্ড পেইন ক্লিনিকৰ এটা শাখা আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ ক্লিনিকখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখামণি বৰাই৷ ফিজিঅ’থেৰাপী ক্লিনিকখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি দিয়া ভাষণত বৰাই কয় যে, গ্ৰামীন অঞ্চলত ফিজিঅ’থেৰাপী ক্লিনিকৰ সংখ্যা চহৰ অঞ্চলতকৈ তেনেই তাকৰ৷ গাওঁ অঞ্চলত স্থাপন কৰা এই ক্লিনিকখনৰ জৰিয়তে পশ্চিম নলবাৰী অঞ্চলৰ ৰাইজ বাৰুকৈয়ে উপকৃত হ’ব৷ উল্লেখ্য যে, উক্ত ক্লিনিকত অভিজ্ঞ ফিজিঅ’থেৰাপিষ্টৰ তত্বাৱধানত চিকিৎসা লাভৰ সুবিধা পোৱাৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগী আৰু শিশু ৰোগীৰ বাবে বিশেষ ৰেহাইত চিকিৎসা লাভৰ সুবিধা পাব বুলি ক্লিনিকখনৰ ফিজি’থেৰাপিষ্ট চিকিৎসক ক্ৰমে ডাঃ পুলকেশ চক্ৰৱৰ্ত্তী আৰু ডাঃ প্ৰণৱ চক্ৰৱৰ্ত্তীয়ে জানিবলৈ দিয়ে৷ ইফালে, অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে টিহু উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে৷                    

No comments