Breaking News

ধুবুৰী গৰাখহনীয়াৰ অঞ্চলত আজমলৰ দোৱা মেহফিল অনুষ্ঠিত।

 


ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী গৰাখহনীয়াৰ অঞ্চলত আজমলৰ দোৱা মেহফিল অনুষ্ঠিত। ব্ৰহ্মপুত্ৰ নদীপথেৰে যন্ত্ৰচালিত নাওঁৰে দক্ষিণ শালমাৰ সমষ্টিৰ পদমেৰ আলগা চতুৰ্থ খণ্ড অঞ্চলত গৰাখহনীয়া পৰিদৰ্শন কৰি গৰাখহনীয়া ৰোধৰ বাবে দোৱা মেহফিলত অংশগ্ৰহণ কৰি সহশ্ৰাধিক লোকৰ উপস্থিতিত আল্লাৰ ওচৰত দোৱা কৰা পৰিলক্ষিত হয় আজমলক ।গঢ়াখহনীয়াৰ কবলত পৰি হাৰাশাস্তিৰ সন্মূখীন হোৱা উক্ত অঞ্চলবাসী ৰাইজে আজমলক কৰা আবেদন অনুসৰি আজি অঞ্চলটোত সাংসদজনে নিজে উপস্থিত হৈ আল্লাহৰ ওচৰত দোৱা কৰি গঢ়াখহনীয়া ৰোধৰ বাবে ২৫ লাখ টকাৰ অনুদান আগবঢ়ায়।আজমলৰ এই মেহফিলত গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাকে ধৰি হেজাৰ হেজাৰ ৰাইজ উপস্থিত থাকে ।

No comments