Breaking News

হিমন্ত বিশ্ব শৰ্মা গ বেক,অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল তামুলপুৰ


ডিজিটেল সংবাদ, তামুলপুৰ: 
হিমন্ত বিশ্ব শৰ্মা গ বেক,অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল তামুলপুৰ সদৌ অসম অংগনৱাডী কৰ্মী সহায়িকা সন্থাৰ আহ্বান মৰ্মে আজিতামুলপুৰ জিলা সদৰস্থ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সন্মুখত তামুলপুৰৰ অংগনৱাডী কৰ্মী আৰু সহায়িকা সকলে দিনৰ দহ বজাৰ পৰা দুঘণ্টীয়া  বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে  ৷ অংগনৱাডী কৰ্মী সহায়িকা সকলে তেওঁলোকৰ বহুদিনীয়া সমস্যা সমাধান নকৰাৰ প্ৰতিবাদত আজি পুনৰ প্ৰতিখন জিলাৰ  সংহত শিশু উন্নয়ন প্ৰকল্প সমূহৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰায় চাৰিশতাধিক কৰ্ম সহায়িকাই হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ আমাৰ দাবী মানি লওক,  অসম চৰকাৰ গ বেক ,হিমন্ত বিশ্ব শৰ্মা গ বেক,অংগনৱাডী কৰ্মী সহায়িকা সন্থা জিন্দাবাদ .  অৱসৰ প্ৰাপ্ত কৰ্মী - সহায়িকাৰ এককালীন সাহায্য শীঘ্ৰে প্ৰদান কৰক  , অংগনৱাডী কেন্দ্ৰ একত্ৰীকৰণ বন্ধ কৰা ,সকলো অংগনৱাডী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নত কৰক , অংগনৱাডী কৰ্মী সহায়িকা সকলৰ মাননি  মজুৰি হিচাবে প্ৰদান কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল  কৰি তোলে । কৰ্মী সহায়িকা সকলে দুঘন্টা ধৰি এনেদৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াৰ জৰিয়তে   তেওঁলোকৰ দাবী সমূহ শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবীত তামুলপুৰ জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷


No comments