Breaking News

বহুমুখী প্ৰতিভাৰে সমৃদ্ধ বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক তথা কাৰ্টুনিষ্ট পুলক গগৈ আৰু নাই



অসমীয়াৰ সংস্কৃতিৰ পথাৰখনৰ পৰা এখনৰ পাছত আন এখন আসন ৰিক্ত পৰিছে। বিশিষ্ট অভিনেতা নিপন গোস্বামী, বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বাটেই বাট বুলিলে আন এগৰাকী অসমীয়া উজ্জ্বল নক্ষত্ৰই। বহুমুখী প্ৰতিভাৰে সমৃদ্ধ  বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক তথা কাৰ্টুনিষ্ট পুলক গগৈ আৰু নাই। 

 কিছুদিন ধৰি অসুস্থ হৈ থকা শিল্পীগৰাকীয়ে পুৱাই নিজ বাসগৃহত ৮৪ বছৰ বয়সত মৃত্যুক সাবটি লয় ।

 ৯খনকৈ অসমীয়া চলচ্চিত্ৰৰ পৰিচালনাৰে অসমীয়া চলচিত্ৰ জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ যোৱা গগৈৰ মৃত্যু নিশ্চয়কৈ অসমৰ বাবে অপূৰণীয় ক্ষতি। ।  পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ উপৰিও গগৈয়ে বহুকেইখন চুটিছবি আৰু টেলিফিল্ম নিৰ্মাণ কৰিছিল।  ‘আমাৰ প্ৰতিনিধি’ আলোচনীৰ মুখ্য সহকাৰী সম্পাদক আছিল গগৈ। এগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্টি হিচাপেও তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল। দেশে-বিদেশে সমাদৃত হৈছিল পুলক গগৈৰ শিল্পকৰ্ম। 


মহান প্ৰতিভাধৰ  পুলক গগৈৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি জননী লাইভৰ ফালৰ পৰা যাচিলো গভীৰ শ্ৰদ্ধাঞ্জলি। 

No comments