Breaking News

"মাধ্যম আন্দোলনৰ স্বৰ্ণিল যাত্ৰা" গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন



সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ হোৱা উপলক্ষে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই এক বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে । আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমাংশু শ‍ইকীয়াই আঁতধৰা উক্ত কাৰ্যসচীৰ শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপেন দত্ত। উপস্থিত থাকে প্রাক্তন ছাত্র নেতা বিপুল দাস, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তনত গোস্বামী, সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল, সাধাৰন সম্পাদক প্রিন্স দলে, উপদেষ্টা শান্তনু দত্ত, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি চানৈক্য বৰা, সাধাৰণ সম্পাদক দীপক গগৈ, উপদেষ্টা যদুমনি গগৈ, উপ সভাপতি অংশুমান বৰুৱা, আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিশ্বজিৎ গগৈ, ধনিৰাম দাস, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হৃদয় ৰঞ্জন খাটনীয়াৰ আৰু ছাত্ৰ সন্থাৰ কৰ্মী সকল ।


No comments