Breaking News

কলিয়াবৰৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে উদযাপন কৰিছে হীৰক জয়ন্তী উৎসৱ ।


ডিজিটেল সংবাদ,কলিয়াবৰঃ
 সকলো জাতি জনগোষ্ঠীৰ  মিলন ভুমিত পৰিণত হৈছে কলিয়াবৰৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ‍্যালয় ১৯৫৩ চনতে স্থাপিত কলিয়াবৰ মহকুমাৰ অন‍্যতম শিক্ষানুষ্ঠান আমবাগান উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ে ৭০ বছৰ পূৰ্ণ কৰাত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনে উদযাপন কৰিছে  হীৰক জয়ন্তী উৎসৱ । তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই হীৰক জয়ন্তী উৎসৱৰ অন্তিমদিনা মুল আকৰ্ষণ  সাংস্কৃতিক শোভাযাত্ৰা । সকলো জাতি-জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত হৈছে আমবাগান । বিদ‍্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰী, শিক্ষক- শিক্ষয়ত্ৰী আৰু সাংস্কৃতিক দল সমূহে স্থানীয় ৰাইজৰ সহযোগত এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। 

No comments