Breaking News

ৰাজ্যত গঢ়ি উঠা একাংশ টোল গেটৰ নামত চলিছে ব্যাপক অনিয়ম ৷

 


ডিজিটেল সংবাদ, লামডিংঃ 
ৰাজ্যত গঢ়ি উঠা একাংশ টোল গেটৰ নামত চলিছে ব্যাপক অনিয়ম ৷ আপোনাৰ যদি চাৰিচকীয়া বাহন আছে তেনেহলে সাৱধান , কাৰন আপোনাৰ গাড়ী ঘৰত থকাৰ পিছতো টোলগেট পাৰ হোৱাৰ নামত আপোনাৰ গাড়ীৰ নামত ও কাটিব পাৰে টোল টেস্ক ৷ হয় এনে এক আজব ঘটনা সংঘটিত হল লামডিঙত।লামডিং ৰতন দাস নামৰ এজন ৰাইলৱে বিষয়াৰ  AS01BY4957 নম্বৰৰ চাৰি চকীয়া গাড়ীখন লামডিঙৰ নিজ গৃহতে  যোৱা দুমাহ ধৰি  থকাৰ সময়তে আজি হঠাৎ   ব্যক্তিজনৰ মোবাইললৈ এক মেচেজ আছিল ৷ মেচেজটোত উল্লেখ আছিল যে নাজিৰা খাট টোলগেট পাৰ হোৱাৰ সময়ত টোল টেস্ক ভৰিব লগীয়া হল বাহন খনে ৷ এই মেচেজৰ পিছতেই হতভম্ব হৈ পৰিল ৰতন দাস ৷ যোৱা দুমাহ ধৰি ঘৰত থকা বাহন খনে টেস্ক কেনেকৈ ভৰিলে ৷ আনফালে ৰতন দাসে এই বাহন লৈ লামডিঙৰ পৰা যোৱা দুমাহ ধৰি লামডিংৰ  বাহিৰলৈ  যাতায়ত কৰা নাই তেনে ক্ষেত্ৰত কিদৰে সম্ভৱ হৈ পৰিল এই ঘটনা ৷ ৰাজ্যত এনেদৰেই চলিছে নে টোল টেস্কৰ নমুনা।উল্লেখ যে লামডিংৰ বহুতৰ লগতে এনে ঘটনা সংঘটিত হৈছিল। এয়া ডিজিটেল চুৰিকাণ্ড নেকি?

No comments