Breaking News

বৃহস্পতিবাৰে অৰ্জুন বঁটা গ্ৰহণ কৰি গোলাঘাট জিলাৰ নিজ গৃহত উপস্থিত হয় অৰ্জুন নয়নমণি শইকীয়া ৷


ডিজিটেল সংবাদ, ধনশিৰিঃ
 বৃহস্পতিবাৰে অৰ্জুন বঁটা গ্ৰহণ কৰি গোলাঘাট জিলাৰ নিজ গৃহত উপস্থিত হয় অৰ্জুন নয়নমণি শইকীয়া ৷ উল্লেখযোগ্য যে, কমনৱেলথ গেমছৰ লনবলত সোণৰ পদক অৰ্জন কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল ধনশিৰি মহকুমাৰ টেঙাবাৰীৰ জীয়ৰী তথা টেঙাহোলাৰ বোৱাৰী নয়নমনি শইকীয়াই ৷ ৩০ নৱেম্বৰ, বুধবাৰে দিল্লীত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মূৰ হাতেৰে নয়নমনি শইকীয়াই  গ্ৰহণ কৰে অৰ্জুন বঁটা । নয়নমনিয়ে  ডিমাপুৰ বিমানবন্দৰৰ পৰা পোনেপোনে নিজ গৃহত আহি উপস্থিত হয়হি । অৰ্জুন বঁটা লাভ কৰি আনন্দিত নয়নমনি শইকীয়া। গৌৰাৱান্বিত শাহু মাক, স্বামী ভাস্কৰজ্যোতি গোহাঁইৰ লগতে গাওঁবাসীও ।  উল্লেখযোগ্য যে ভাৰতৰ ভিতৰত  লনবলত অৰ্জুন বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় নয়নমনি শইকীয়া। আনহাতে অৰ্জুন বঁটা লাভ কৰা ধনশিৰি মহকুমাৰ দ্বিতীয় গৰাকী খেলুৱৈ নয়নমণি শইকীয়া ।

No comments