Breaking News

সোণাৰিত জুবিন গাৰ্গক চুকাফা সমন্বয় সাংস্কৃতিক বঁটা প্ৰদান


ডিজিটেল সংবাদ, সোণাৰিঃ 
সোণাৰিত জুবিন গাৰ্গক চুকাফা সমন্বয় সাংস্কৃতিক বঁটা প্ৰদান  অসমৰ জনপ্ৰিয় সংগীত শিল্পী, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে প্ৰথম বাৰ্ষিক চুকাফা সমন্বয় সাংস্কৃতিক বঁটা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শিল্পী গৰাকীলৈ আগবঢ়োৱা হৈছে এই বঁটা। পৰিষদৰ উদ্যোগত কালি নিশা সোণাৰিত আয়োজন কৰা চুকাফা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত জুবিনক প্ৰদান কৰা হয় এই বঁটা। বঁটা হিচাপে এক লাখ টকাৰ চেক, এখন স্মাৰক, এযোৰ মুগাৰ অংগবস্ত্ৰ, এখন হেংদাং আৰু এখন মানপাত্ৰ আগবঢ়োৱা হয় জুবিন গাৰ্গলৈ। বঁটা গ্ৰহণ কৰাৰ পিছত জুবিন গাৰ্গে নিজৰ জনপ্ৰিয় গীতৰ এক আকৰ্ষণীয় অনুষ্ঠান পৰিৱেশন কৰে। 

No comments