Breaking News

পুনৰ উত্তপ্ত ভাৰত-চীন সীমান্ত



পুনৰ উত্তপ্ত ভাৰত-চীন সীমান্ত । ৯ ডিচেম্বৰত অৰুণাচল এলএচিত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত সংঘটিত হয় সংঘৰ্ষ। য’ত দুয়োপক্ষৰ সৈন্য হৈছিল আঘাতপ্ৰাপ্ত । অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) ত ভাৰত আৰু চীনা সৈন্যৰ মাজত পুনৰ সংঘৰ্ষ হয়। সংঘৰ্ষত দুয়োপক্ষৰ সৈনিক আহত হৈছিল।

প্ৰতিৰক্ষা সূত্ৰঅনুসৰি ৯ ডিচেম্বৰত টাৱাং চেক্টৰৰ ওচৰৰ য়াংষ্টে অঞ্চলত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ হয়। মুখামুখি হোৱাৰ ফলত দুয়োফালৰ কেইজনমান কৰ্মচাৰী সামান্য আঘাতপ্ৰাপ্ত হয়। সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি সংঘৰ্ষত কমেও ভাৰতীয় ছয়জন সৈনিক আহত হৈছিল আৰু চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হৈছিল।

No comments