Breaking News

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন ঠাইত মুঠ ১৫৭৫.৩৯ কোটি টকা আঁচনিৰ শিলান্যাস/ উদ্বোধন কৰে ।


ডিজিটেল সংবাদ,গোলাঘাটঃ
 অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে গোলাঘাট জিলাৰ বিভিন্ন ঠাইত মুঠ ১৫৭৫.৩৯ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও বিভাগৰ ১৪ খন আঁচনিৰ শিলান্যাস/ উদ্বোধন কৰে । 

মুখ্যমন্ত্ৰীগৰাকীয়ে শিলান্যাস আৰু উদ্বোধন কৰা প্ৰকল্পসমূহ হৈছেঃ

✅অসম মালাৰ অধীনত কমাৰগাঁৱৰ পৰা কমাৰবন্ধালৈ ধোদৰ আলিৰ উন্নীতকৰণ

প্ৰকল্প ব্যয় : ৩০৪.১৯ কোটি টকা

✅ নিদাৰ অধীনত দেৰগাঁও - গোলাঘাট - ৰঙাজান পথৰ উন্নীতকৰণ

প্ৰকল্প ব্যয় : ২২০.৬০ কোটি টকা

✅সংহত উপায়ুক্তৰ কাৰ্যালয়

প্ৰকল্প ব্যয় : ৪৯.৪৭ কোটি টকা

✅সৰুপথাৰৰ লাভলীনা বৰগোহাই বহুমুখী ক্ৰীড়া প্ৰকল্পত এখন মিনি ষ্টেডিয়াম

প্ৰকল্প ব্যয় : ১১.৯৯ কোটি টকা

✅নৰাগাঁৱত এখন মিনি ষ্টেডিয়াম

প্ৰকল্প ব্যয় : ১১.৯৯ কোটি টকা

✅ গোলাঘাটৰ বগৰীজেঙত চিকিৎসা মাবিদ্যালয় আৰু চিকিৎসালয়

প্ৰকল্প ব্যয় : ৬৩১.৮২ কোটি টকা

✅বীৰাংগণা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, গোলাঘাট

প্ৰকল্প ব্যয় : ৬৩.১০ কোটি টকা

✅গোলাঘাট চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত চৰকাৰী পলিটেকনিক আৰু আই টি আইৰ উন্নীতকৰণ

প্ৰকল্প ব্যয় : ৫.০৩ কোটি টকা

✅ৰেচিডেন্সিয়েল গাৰ্লছ পলিটেকনিক প্ৰতিষ্ঠান চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণ

প্ৰকল্প ব্যয় : ৫.০৩ কোটি টকা

✅ধনশিৰি চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণ

প্ৰকল্প ব্যয় : ৫.০৩কোটি টকা

✅মৰঙী আলিত ধনশিৰি নদীৰ ওপৰত আৰচিচি দলঙৰ সম্প্ৰসাৰণ

প্ৰকল্প ব্যয় : ১৪.৬৮ কোটি টকা

✅লেটেকুজান/ নুমলীগড় বিদ্যুৎ সংবহন প্ৰকল্প

প্ৰকল্প ব্যয় : ২০০ কোটি টকা

✅বৰবৰুৱা আলিৰ পৰা ধোদৰ আলিলৈ কাকডোঙা নদীৰ দুয়োপাৰৰ উন্নীতকৰণ

প্ৰকল্প ব্যয় : ১৮.১৬ কোটি টকা

✅সৰুপথাৰ বিদ্যুৎ সংবহন প্ৰকল্প

প্ৰকল্প ব্যয় : ৩৫.০৭ কোটি টকা

অনুষ্ঠানত গোলাঘাট জিলাৰ মাননীয় অভিভাৱক মন্ত্ৰী আৰু স্বাস্থ্য, চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, কৃষি, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা, বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, শক্তি, সমবায় আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুতা নন্দিতা গৰ্লোচা, দেৰগাঁও সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভবেন্দ্ৰ নাথ ভৰালী, খুমটাই সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া আৰু সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন উপস্থিত থাকে ।

No comments